আজিও সন্ধান নাই সন্দীপনৰ; অসম আৰক্ষীৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ - Protest against Assam Police

By ETV Bharat Assamese Team

Published : May 4, 2024, 12:42 PM IST

thumbnail
আজিও সন্ধান নাই সন্দীপনৰ; অসম আৰক্ষীৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ৪ মে’ : ২৯ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে সন্দীপন তাঁতী ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ দৈদাম চাহ বাগিচাৰ নিলোৎপল তাঁতী আৰু চিমি তাঁতীৰ জ্যেষ্ঠ পুত্ৰ সন্দিপন তাঁতী ডুমডুমা ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷ আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পাচটো বিগত প্ৰায় এটা মাহে সন্ধান উলিয়াব পৰা নাই সন্দিপনৰ ৷ যাক লৈ অধিক চিন্তিত হৈ পৰিছে সন্দিপনৰ পৰিয়ালবৰ্গ ৷

বিগত প্ৰায় এটা মাহে আৰক্ষীয়ে সন্দিপনৰ সন্ধান উলিয়াব নোৱাৰাত ক্ষোভিত হৈ পৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা  ৷ উপায়ন্তৰ হৈ শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ডুমডুমা শাখা সমিতিৰ উদ্যোগত আৰু বৰহাপজান উপ-শাখা সমিতিৰ সহযোগত বৰহাপজানত আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচী ৷

উল্লেখ্য যে, ডুমডুমাৰ পৰা পূৰ্বতেও যুৱতী তথা কিশোৰ-কিশোৰী সন্ধানহীনৰ কেইবাটাও ঘটনা সংঘটিত হৈ আহিছে যদিও সেইসকলৰ সন্ধান উলিওৱাত আৰক্ষী-প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক : মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ নগাঁৱত চাঞ্চল্য, অপহৰণৰ সন্দেহ - Student Missing In Nagaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.