ETV Bharat / state

সকলোকে কন্দুৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন - Adhar Gayan Passes Away

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:19 PM IST

সকলোকে কন্দোৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন
সকলোকে কন্দোৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন

Adhar Gayan death : সত্ৰনগৰী বৰপেটাৰ সাংস্কৃতিক কৰ্মী, শ্ৰমিক নেতা, ৮৩ বছৰ বয়সীয়া বিহুবলীয়া চফল ডেকা অধৰ চন্দ্ৰ গায়নৰ পৰলোক । বৰপেটাত শোকৰ ছাঁ ৷

বৰপেটা, ৩০ এপ্ৰিল : অধৰ চন্দ্ৰ গায়ন আৰু নাই ৷ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এই ইহ সংসাৰৰ পৰা বিদায় মাগিলে অধৰ চন্দ্ৰ গায়নে ৷ বৰপেটা চহৰৰ গায়নহাটী নিবাসী অধৰ চন্দ্ৰ গায়নৰ সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ প্ৰয়াত অধৰ চন্দ্ৰ গায়ন আছিল সত্ৰনগৰী বৰপেটাৰ এগৰাকী সামাজিক, সাংস্কৃতিক কৰ্মী ৷ লগতে তেওঁ আছিল এজন সুদক্ষ অভিনেতা আৰু নাট পৰিচালক ৷

মৃত্যুৰ সময়ত প্ৰয়াত গায়নৰ বয়স আছিল প্ৰায় ৮৩ বছৰ ৷ জানিব পৰা মতে, ২১ এপ্ৰিলৰ পুৱা সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিৰ ৰঙালী বিহুৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল প্ৰয়াত অধৰ চন্দ্ৰ গায়নে ৷ তেতিয়াই হঠাতে তেওঁ অসুস্থ হৈ পৰে বিহুবলীয়া সাংস্কৃতিক কৰ্মীগৰাকী ৷

সকলোকে কন্দোৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন
সকলোকে কন্দোৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন

তাৰ পাচতে ততালিকে তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰা হয় ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ তেতিয়াৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছিল সাংস্কৃতিক কৰ্মীগৰাকী ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে সকলোকে কন্দুৱাই যোৱা নিশা কোনো অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন ৷

সকলোৰে মুখে মুখে এতিয়া এটাই কথা, আজীৱন বিহুৰ সৈতে জড়িত হৈ থকা গায়নে সৌ-সিদিনা পুৱা ঘৰৰ পৰা বিহু তলিলৈ ওলাই গৈ আৰু ঘৰলৈ ঘূৰি নাহিল ৷ মাক্সবাদী চিন্তাৰে শ্ৰমিক নেতা ৰূপে পৰিচিত গায়নে বৰপেটা জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে শ্ৰমিক সন্থাৰ পুঁজি গঠনৰো চেষ্টা চলাইছিল ৷

বৰপেটা চহৰত ৫০ বছৰ আগতে প্ৰথম বিহু হুচৰি দল গঠন কৰা প্ৰয়াত অধৰ চন্দ্ৰ গায়নে বিহু সুৰক্ষা সমিতিৰ জিলা সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ আজি তেওঁৰ নশ্বৰদেহ বৰপেটা প্ৰেছক্লাৱলৈ অনাৰ পাচতে বৰপেটাৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷

লগতে পঢ়ক :

বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

ছানী দেওলৰ ছবি হিৰো নিৰ্মাণ কৰা চলচ্চিত্ৰ নিৰ্মাতা ধীৰাজলাল শ্বাহৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.