ETV Bharat / entertainment

ছানী দেওলৰ ছবি হিৰো নিৰ্মাণ কৰা চলচ্চিত্ৰ নিৰ্মাতা ধীৰাজলাল শ্বাহৰ দেহাৱসান

Dhirajlal Shah Passed Away : চলচ্চিত্ৰ জগতৰ পৰা ওলাইছে এক দুখৰ খবৰ । বলীউডক বহু উৎকৃষ্ট ছবি প্ৰদান কৰা চলচ্চিত্ৰ নিৰ্মাতা ধীৰাজলাল শ্বাহ আৰু নাই ৷

Sunny Deol Starrer The Hero producer Dhirajlal Shah dies of multiple organ failure
ধীৰাজলাল শ্বাহৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 1:17 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১২ মাৰ্চ: চলচ্চিত্ৰ জগতৰ পৰা আহিছে এটা দুখৰ খবৰ । বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ধীৰাজ লাল শ্বাহৰ দেহাৱসান ৷ ১১ মাৰ্চত ইহলীলা ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে । এই কথা নিশ্চিত কৰিছে ধীৰাজলাল শ্বাহৰ ভাতৃ হাছমুখে । তেওঁ কয় যে ছবি নিৰ্মাতাগৰাকী কেইবাদিন ধৰি অসুস্থ হৈ আছিল আৰু মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ সময়তে মৃত্যু হয় ধীৰাজলাল শ্বাহৰ ।

কেতিয়া হ’ব অন্ত্যেষ্টিক্ৰিয়া ?

ধীৰাজ লাল শ্বাহৰ ভাতৃ হাছমুখে কয় যে তেওঁ ক’ভিডত আক্ৰান্ত আছিল, যাৰ বাবে তেওঁৰ হাওঁফাওঁত সমস্যা হৈছিল । যোৱা ২০ দিনত তেওঁৰ স্বাস্থ্য আৰু অধিক অৱনতি ঘটিবলৈ ধৰিছিল । সেয়েহে, তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। কিন্তু জীৱন মৃত্যুৰে যুঁজি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় লয় নিৰ্মাতাগৰাকীগৰাকীয়ে । ১২ মাৰ্চত অৰ্থাৎ আজি ধীৰাজ লাল শ্বাহৰ অন্ত্যেষ্টিক্ৰিয়া হ’ব ।

শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ নিৰ্মাতা অনিল শৰ্মাই

ধীৰাজলাল শ্বাহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ নিৰ্মাতা অনিল শৰ্মাই । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয়, ‘‘তেওঁ কেৱল এজন অতি ভাল প্ৰযোজকেই নাছিল, বৰঞ্চ এজন ভাল ব্যক্তিও আছিল । তেওঁ ভিডিঅ’ৰ এখন পৃথিৱী সৃষ্টি কৰিছিল, যি এক প্ৰকাৰে বৈপ্লৱিক আছিল । আমি তেওঁক সদায় মনত ৰাখিম ।’’

প্ৰযোজক হৰিশ সুংগাধেও শোক প্ৰকাশ কৰি কয় যে তেওঁ শ্বেহেনশ্বাহৰ ভিডিঅ’ ৰাইট ক্ৰয় কৰিছিল, তাৰ পিচত তেওঁৰ জীৱন সলনি হৈছিল আৰু তেওঁ ভিডিঅ’ৰ ৰজা হৈ পৰিছিল । প্ৰায় সকলো ছবিৰ অধিকাৰ তেওঁৰ আছিল ।

ধীৰাজ লাল শ্বাহৰ পৰিয়ালৰ কথা ক’বলৈ গ’লে তেওঁ পত্নী মঞ্জু শ্বাহ আৰু দুগৰাকী কন্যা শীতল পুনীত গোৱাল আৰু সপনা শ্বাহ, পুত্ৰ জিমিত শ্বাহ আৰু বোৱাৰী পুনম শ্বাহক এৰি থৈ যায় ।

অক্ষয় কুমাৰৰ বহু ছবি প্ৰযোজনা কৰিছে ধীৰাজ লাল শ্বাহে ৷ ইয়াৰ উপৰিও তেওঁ অজয় ​​দেৱগন অভিনীত বিজয়পথ, ছানী দেওলে অভিনীত দ্য হিৰো: লাভ ষ্ট’ৰী অৱ এ স্পাই নিৰ্মাণ কৰিছে ।

লগতে পঢ়ক: দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ গজল সম্ৰাট পংকজ উধাছৰ