ETV Bharat / entertainment

বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:42 AM IST

Nanda Banerjee Death: অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উকা কৰি অজান দেশলৈ গ’লগৈ বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । পুৱা ৪.৫০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।

Music director Nanda Banerjee passes away
নন্দ বেনাৰ্জীৰ দেহাৱসান

গুৱাহাটী, ১১ মাৰ্চ: সকলোকে কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । সোমবাৰে পুৱাৰ ভাগত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালকগৰাকীয়ে । জানিব পৰা মতে কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ । কিন্তু দেওবাৰে হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

পুৱা ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত ঘৰৰ পৰিয়ালে প্ৰত্যক্ষ কৰে আৰু তাৰ পাচতেই ততাতৈয়াকৈ বিশেষ এম্বুলেন্সৰ যোগে মহানগৰ KGMT হস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ KGMT হস্পতালৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৬৮ বছৰ ।

Music director Nanda Banerjee passes away
নন্দ বেনাৰ্জীৰ দেহাৱসান

১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে । শৈশৱৰ পৰাই এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । তেখেতৰ পিতৃও সংগীতৰ লগত জড়িত আছিল । ভাৰতীয় শাস্ত্ৰীয় আৰু প্ৰাশ্চাত্য সংগীতৰ জ্ঞান প্ৰচুৰ আছিল । এইগৰাকী শিল্পীৰ মৃত্যু এতিয়া অসমীয়া সংগীত ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ।

অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আছিল বেনাৰ্জীৰ । তেওঁ আছিল গীতিকাৰ, সুৰকাৰ আৰু লগতে সংগীত পৰিচালকো । গীতৰ স্বৰলিপিৰ ক্ষেত্ৰতো তেওঁৰ আছিল অগাধ দখল । সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ বহু স্বৰলিপি কৰিছিল শিল্পীগৰাকীয়ে । বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল । তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল ‘জনকন্দিনী’ ।

সংগীত জগতৰ বাহিৰেও সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল নন্দ বেনাৰ্জী । প্ৰথমে কমিউনিষ্ট পাৰ্টীৰ সৈতে জড়িত আছিল আৰু পাচলৈ প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত অসম গণ পৰিষদৰ উপ সভাপতি আৰু ভাষিক সংখ্যালঘু কোষৰ সভাপতি আছিল ।

KGMT হাস্পতালত এতিয়া পুৱাৰে পৰা ভিৰ কৰিছে বহু গুণমুগ্ধই । ইফালে মৃত্যুৰ পূৰ্বে শিল্পীগৰাকীয়ে দেহৰ বহু কেইটা অংগ দান দি গৈছে ।

লগতে পঢ়ক: ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী নীতিন দেশাইক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.