ETV Bharat / state

উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

author img

By

Published : Oct 9, 2021, 5:27 PM IST

উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ
উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

উপ-নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলাবৰ বাবে শনিবাৰে কংগ্ৰেছে ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰিছে । ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াকে ধৰি ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ নেতা ।

গুৱাহাটী, ৯ অক্টোবৰঃ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে ঘোষণা কৰিছে দলটোৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা । ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে মনোনয়ন দাখিলৰ পৰ্ব সমাপ্ত হৈছে । কংগ্ৰেছ দলে পাঁচটা সমষ্টিতে প্ৰাৰ্থী দিছে । উপ-নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলাবৰ বাবে আজি কংগ্ৰেছ ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ।

২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়, পৃথিৱীৰাজ সাথে, ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, কমলাক্ষ্য দে পুৰকায়স্থ, জাকিৰ হুছেইন সিকদাৰ ৷

উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ
উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

একেদৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, সাংসদ ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন, বসন্ত দাস, ছিদ্দিক আহমেদ, দুৰ্গা ভূমিজ, মনোজ ধানোৱাৰ, গজেন মুছাহাৰী আৰু বিস্তি বসুমতাৰীও আছে ষ্টাৰ কেম্পেইনাৰৰ তালিকাত ।

লগতে পঢ়কঃ বিলাসীপাৰা চহৰৰ পূজা মণ্ডপসমূহ পৰিদৰ্শন ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.