ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 10th May

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 12:50 AM IST

Daily Horoscope For 10th May 2024
আজিৰ দিনটোৰ ৰাশিফল (SOURCE: ETV BHARAT ASSAM DESK)

Daily Horoscope For 10th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: দিনটো মধ্যমীয়া । আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰী উপকৃত হ’ব পাৰে ।

বৃষ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব । আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় । আপুনি আজি অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব । আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব । দুশ্চিন্তাত বৃদ্ধি পাব পাৰে । কাজিয়া বিবাদত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাব ।

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । ব্যৱসায়-বাণিজ্যত শুভফল লাভ কৰিব । আপোনাৰ ৰাজহৰ উৎস বৃদ্ধি পাব, আৰু ইয়াক লৈ হয়তো আপুনি আনন্দ-ফুৰ্তিও কৰিব পাৰে । ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল । প্ৰেমত শুভ ৷

সিংহ ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে । সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ আছে । আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।

কন্যা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে । আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন । বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল । বিদেশত বাস কৰা প্ৰিয়লোকৰ পৰা সু-সংবাদ পাব পাৰে । আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।

তুলা ৰাশি: আজি আপুনি সকলো ধৰণৰ আলোচনাৰ সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি চলক । আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধনসঞ্চয় কৰক । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল । প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাভাৱিক দিনৰ নহয় । বিভিন্ন ধৰণৰ ঘটনা ঘটিব আপোনাৰ লগত আৰু আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব । বন্ধুসকলৰ সংগ উপভোগ কৰিব আৰু তেওঁলোকৰ সৈতে বিলাসী নৈশভোজৰ সৈতে আনন্দ-ফুৰ্তি কৰিব । বিদেশীৰ কোনো লোকৰ সৈতে সাক্ষাতত আনন্দ পাব । আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰভূত আনন্দ অপেক্ষা কৰি আছে । সাংসাৰিক দিশত আজিৰ দিনটো বৰ ভাল । ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব । স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব । কৰ্মক্ষেত্ৰত দিনটো অনুকূল আৰু অফিচত আপুনি সকলো কামত উৎকৰ্ষ সাধন কৰিব, আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ আছে ।

মকৰ ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয় । আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে । প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব । কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব ।

কুম্ভ ৰাশি: আজি আপোনানক আৱেগ আৰু দুশ্চিন্তাই আগুৰি থাকিব । মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব । ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব । য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত ল’ৰালি নকৰিব । আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে ৰাখিব ।

মীন ৰাশি: ঈশ্বৰ আজি আপোনাৰ প্ৰতি সদয় । আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব । কৰ্মক্ষেত্ৰত সফলতা লাভ । গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত । দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা । বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’বই হ’ব । আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰ পৰা দূৰত থাকিব পাৰে । আপোনাৰ সফলতা নিশ্চিত ।

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.