বিলাসীপাৰা চহৰৰ পূজা মণ্ডপসমূহ পৰিদৰ্শন ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ

By

Published : Oct 9, 2021, 5:00 PM IST

thumbnail

বিলাসীপাৰা চহৰৰ পূজা মণ্ডপসমূহ পৰিদৰ্শন কৰিলে ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷ ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ধুবুৰী জিলাৰ বিলাসীপাৰাও । উখল-মাখল পৰিৱেশৰ সমান্তৰালকৈ পূজাত সময়চোৱাত থাকিব লগা নিৰাপত্তা ব্যৱস্থাক লৈও তৎপৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷ চৰকাৰে জাৰি কৰা SOP মানি বিলাসীপাৰাৰ ৪০ খন পূজা সমিতিয়ে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰিছে ৷ পূজাৰ সময়চোৱাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ বাবে আৰক্ষীয়ে দিনে নিশাই চলাইছে তালাচী অভিযান । দুষ্কৃতিকাৰীয়ে যাতে কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাক লৈ সষ্টম হৈ পৰিছে ধুবুৰী আৰক্ষী । বিলাসীপাৰা চহৰৰ কেইবাখনো পূজা মণ্ডপ পৰিদৰ্শন কৰি ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সম্পূৰ্ণ ক'ভিড নিৰ্দেশনা মানি পূজা অনুষ্ঠিত কৰাৰ লগতে শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.