মুছলমানৰ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 11:00 PM IST

thumbnail
()

জনীয়া, ২৫ এপ্ৰিল: কলগাছিয়াৰ জয়পুৰ জে ডি এচ এচ বি হাইস্কুলত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা । হেলিকপ্টাৰ যোগে পদাৰ্পণ গৌৰৱ গগৈৰ । কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলালে অখিল গগৈয়েও । কংগ্ৰেছ দলত ভুৱা ৰাজনীতিবিদ নালাগে বুলি বিধায়ক শ্বেৰমান আলীক কটাক্ষ গৌৰৱ গগৈৰ । সাহস আছে যদি কংগ্ৰেছ ত্যাগ কৰিবলৈ শ্বেৰমান আলীক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ । কংগ্ৰেছ দলত থাকি শ্বেৰমান আলীয়ে আজমল আৰু বিজেপিক সহায় কৰা বুলি অভিযোগ তোলে গৌৰৱ গগৈয়ে । তেওঁ আৰু কয় যে বদৰুদ্দিন আজমলক পৰাজিত কৰা মানে হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰা ।  

ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইত কেৰাচিন ঢালি আৰু বেছিকৈ জ্বলাই দিয়ে আজমলে । হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ ভোট নালাগে বুলি ৰঙা চকু দেখুৱালেও ভয় নকৰো বুলি কয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ।  

আনহাতে অখিল গগৈয়ে ভাষণত কয় যে, যোৰহাটত খিলঞ্জীয়া অসমীয়া মানুহে বিজেপিক বিদায় দিছে । যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু নগাঁৱত কংগ্ৰেছ জিকিব। হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ ডাঙৰ শত্ৰু আৰু বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বন্ধু ।  

তেওঁ আৰু কয় যে ২০২৬ ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব লাগিব আৰু বদৰুদ্দিন আজমলকো ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব লাগিব । সভাত পৱন সিং ঘাটোৱাৰ, জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম আহমেদ, দেৱব্ৰত শইকীয়া আদি নেতাসকলো উপস্থিত থাকে । 

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৭,০৯,২৭৬ গৰাকী ভোটাৰে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.