গেলেকীত নাহৰফুটুকীৰ আক্ৰমণত দুগৰাকীকৈ মহিলা শ্ৰমিক গুৰুতৰভাৱে আহত - Leopard attack

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:46 PM IST

thumbnail
মোদী নগৰ চাহ বাগিচাত নাহৰফুটুকী (ETV BHARAT ASSAM)

আমগুৰি, ৫ মে: শিৱসাগৰ জিলাৰ গেলেকীৰ মোদী নগৰ চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত দুগৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । মোদী নগৰ চাহ বাগিচাত সংঘটিত এই ঘটনাত ববিতা নায়ক আৰু পূজা নায়ক নামৰ মহিলা দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিচত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । বাগিচাখনত কাম কৰি খাবলৈ লোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয় ।  

নাহৰফুটুকীটোৱে মহিলা শ্ৰমিক দুগৰাকীৰ হাত-পিঠি আৰু বুকুত আঘাত কৰে । লগে লগে আহত দুয়োগৰাকী মহিলাক গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে শিৱসাগৰলৈ প্ৰেৰণ কৰে । নাহৰফুটুকীৰ আক্ৰমণত মহিলা দুয়োগৰাকী আহত হোৱাত প্ৰাণৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰে । বাগানখনত কাম কৰি থকা শ্ৰমিকসকলো আতংকিত হৈ পৰে ।  

লগতে পঢ়ক:হাতীজান চাহ বাগিচাত বাঘৰ ত্ৰাস, গুৰুতৰভাৱে আহত মহিলা শ্ৰমিক

নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত ৭ বছৰীয়া শিশু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.