ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 5th May

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:55 AM IST

Daily Horoscope For 5th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th May 2024
আজিৰ দিনটোৰ ৰাশিফল ((SOURCE: ETV BHARAT ASSAM DESK))

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ মানসিক স্থিতি ঠিকে নাথাকিব পাৰে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰুৱা পৰিৱেশে উদ্দেগৰ সৃষ্টি কৰিব পাৰে ৷ ভুল বুজাবুজি হ’ব পাৰে ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ অন্যথা ইয়াৰ ফল আপুনি পিচত ভুগিব লাগিব আৰু আপোনাৰ হাতলৈ অহা কামত ব্যাঘাত জন্মাব ৷

বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক, কেইটামান দিন এনেদৰেই পাৰ হ’ব ৷ দিনৰ শেষ ভাগলৈ আপুনি ভাগৰি পৰিব পাৰে ৷ আশা কৰি থকা ফল পাওতে পলম হ’ব, ভ্ৰমণ শুভ নহ’বও পাৰে ৷ এলাহে আপোনাক বেৰি ধৰিব ৷ শান্ত থাকক আৰু কাম কৰি থাকক ৷ খোৱা বোৱাত চকু ৰাখক আৰু নতুনকৈ একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ আৰ্শীবাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সুন্দৰ ঠাইত ভ্ৰমণ কৰি মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে, গাড়ী কিনাৰ সুন্দৰ সময় ৷ আপুনি ভাল পোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷

কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়াল সকলৰ সহযোগিতা লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত শুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ খঙক নিয়ন্ত্ৰণ কৰি নিজৰ কামত আৰু মনোনিৱেশ কৰিব পাৰিব ৷ শৰীৰ ভালে থাকিব ৷ এই সময়ত আপুনি ভাল পোৱা কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত ৷

কন্যা ৰাশি: আজি বৰ ভাল দিন নহয় ৷ এলাহ আৰু মনোযোগহীনতাই আপোনাৰ কামবোৰ সঠিক সময়ত শেষ হ’বলৈ নিদিয়ে ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্দেগভাব আহিব , প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে আপোনাক অশান্তি দিব ৷ মাতৃৰ শৰীৰৰ বাবেও আপুনি চিন্তাত পৰিব ৷ সাৱধানে থাকক আৰু সম্পত্তি বিষয়ৰ কামত বা আইনী কামত বিশেষ সাৱধানতাৰ পৰিচয় দিয়ক ৷

তুলা ৰাশি: ধৰ্মীয় ঠাই ভ্ৰমণ কৰক আৰু আপোনাক দিয়া ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক ৷ আপোনাক চাৰিওফালৰ পৰিৱেশ উত্তেজনৰে ভৰা হ’ব ৷ পৰিয়ালৰ লগত সম্বন্ধ, আনন্দ আৰু প্ৰতিযোগীসকলৰ লগত জয়, এই সকলোৱে আপোনাক সুখী কৰি তুলিব ৷ আপুনি হাত দিয়া সকলো কাম সফল হ’ব ৷ কৰোবাৰ মিঠা কথাই আপোনাৰ অন্তৰ চুই যাব ৷

বৃশ্চিক ৰাশি: কথা কওঁতে সাৱধান হওঁক ৷ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ ঘৰুৱা পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালৰ লগত হঠাৎ কাজিয়াৰ সূত্ৰপাত হ’ব ৷ আপোনাৰ কথাই কাৰোবাক আঘাত দিব পাৰে ৷ সেইবাবে শান্ত হওক, মনলৈ বেয়া ভাব আহিবলৈ নিদিব, এনেভাৱে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া বিষয়ত বিশেষ মনোযোগ দিব নোৱাৰিব ৷

ধনু ৰাশি: সৰু তীৰ্থস্থান ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰিব বিচৰা সকলো কাম সফল হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সৱল অনুভৱ কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি ৷ পৰিয়ালত আনন্দৰ উৎসৱৰ আয়োজন হ’ব ৷ সামাজিক সন্মান বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু খৰচো কৰিবলগা হ’ব ৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন ৷ দুৰ্ঘটনা হ’ব পাৰে গতিকে সাৱধানে থাকক ৷

কুম্ভ ৰাশি: শুভ দিন ৷ ব্যৱসায়ত যথেষ্ট উন্নতি হ’ব ৷ পুৰণি বন্ধুক সাক্ষাৎ কৰিব পাৰে আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজিয়েই উত্তম দিন ৷

মীন ৰাশি: গণেশৰ কৃপা আৰু আৰ্শীবাদত এটা শুভ দিন ৷ প্ৰাপ্যখিনি সহজে লাভ কৰিব আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বচৰ মুখত আপোনাৰ গুনগানে আপোনাক আনন্দিত কৰিব ৷ পৰিয়ালৰ লগত কটোৱা সময়ে আপোনাক সুখী কৰি তুলিব ৷ পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ লগত সম্পৰ্কই আপোনাক লাভ প্ৰদান কৰিব ৷ ধাৰলে লোৱা টকা ঘূৰাই দিব ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.