উৎকট গৰমে দহিছে ৰাজ্য: গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বন্যহস্তী আৰু গঁড়ৰ জলকেলি - Manas National Park

By ETV Bharat Assamese Team

Published : May 24, 2024, 6:54 AM IST

thumbnail
গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বন্যহস্তী আৰু গঁড়ৰ জলকেলি (Etv bharat assam)

গুৱাহাটী, 24 মে’ : ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্মদাহ ৷ ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে মানুহৰ লগতে জীৱ-জন্তুবোৰেও ৷ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি জলাশয়ৰ আশ্ৰয় লৈছে জীৱ-জন্তুৱে । বৃহস্পতিবাৰেও তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ’ল ৷

উৎকট গৰমৰ বাবে দুটা বনৰীয়া হাতীৰ পোৱালীয়ে জলকেলি কৰাৰ লগতে দুটা গঁড়ে পানীত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গ’ল ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলত দেখা গ'ল এই বিশেষ দৃশ্য । এগৰাকী বন্যপ্ৰাণীপ্ৰেমীৰ কেমেৰাত আৱদ্ধ এই দৃশ্যই সকলোকে আমোদ দিয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ মুখামুখি জীৱকুলে কেনেকৈ কৰিব সেই কথাকো ভবাই তুলিছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত মানাহ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত তাপমাত্ৰা 30 ডিগ্ৰীতে সীমাবদ্ধ থাকে যদিও বাস্তৱত প্ৰায় 37 ডিগ্ৰী চেলচিয়াছ উত্তাপ অনুভূত হয় ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত - Kaziranga National Park

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.