ETV Bharat / state

পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাৱটি আইতাৰ জীৱন সংগ্ৰাম - Helpless Old Woman

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 8:48 AM IST

Updated : May 24, 2024, 9:05 AM IST

Helpless Old Woman : এগৰাকী আইতা আৰু দুটি কণমানিৰ দুৰ্বিসহ জীৱনে চকু সেমেকাই তুলিছে সকলোৰে । চালেৰে তৰা গণিব পৰা জৰাজীৰ্ণ ঘৰত ষাঠিৰোৰ্ধৰ আইতাই ঘাট-মাউৰা দুজনী কণমানি নাতিনীক লৈ চলাই গৈছে জীৱন সংগ্ৰাম । এই সংগ্ৰামৰ কথা বিয়পি পৰাৰ লগে লগে কণমানি দুটিক সহায় কৰিবলৈ আগবাঢ়ি আহিল কেইবাজনো সুহৃদয়বান । সবিশেষ এই প্ৰতিবেদনত ।

Two orphan children with grandmother of Kaliabar
পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাবতি আইতাৰ জীৱন সংগ্ৰাম (ETV Bharat Assam)

কলিয়াবৰ, 24 মে' : বয়স তেওঁৰ ষাঠিৰোৰ্ধৰ । বুকুত পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনা । সাৰথি দুই নাতিনী । জীৱনৰ চকৰিয়ে সলনি কৰে সকলো । কেতিয়াবা যদি সকলো থাকে, আন কেতিয়াবা সময়েও লগ এৰে । তেনে এক জীৱন পাৰ কৰিছে কলিয়াবৰৰ এগৰাকী আইতাই । পুত্ৰ-বোৱাৰীক হেৰুৱাই দুই নাতিনীক বুকুত সাৱতি এটি জৰাজীৰ্ণ ঘৰত জীৱন অতিবাহিত কৰিছে কলিয়াবৰৰ বাগৰি অঞ্চলৰ মালতী গোৱালাই । দুৰাৰোগ্য ৰোগত মৃত্যু পুত্ৰ-বোৱাৰীৰ । দৰিদ্ৰতাৰ মাজতে ডাঙৰ হৈছে মণিষা আৰু সুনীতা ।

পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাবতি আইতাৰ জীৱন সংগ্ৰাম (ETV Bharat Assam)

পো-বোৱাৰীৰ মৃত্যুৰ পাচত মালতী গোৱালাই জৰাজীৰ্ণ ঘৰটোতে কোনোমতে দিন হাজিৰা কৰি খুব কষ্টৰ মাজেৰে ডাঙৰ কৰিছে দুই নাতিনী মণিষা আৰু সুনীতাক । পঠিয়াইছে পঢ়াশালিলৈ । ইফালে ঘৰটোত শুবলৈ নাই এখন বিচনা, বৰষুণ আহিলেই ফুটা টিঙেৰে পানী পৰে মজিয়াত । এসাঁজ খাই আন সাঁজলৈ চিন্তা কৰা পৰিয়ালটোক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে ৷

ঘাট-মাউৰা দুই কণমাণিয়ে কটাইছে এক দুৰ্বিসহ জীৱন । উপযুক্ত সা-সুবিধা বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনালে কাতৰ আহ্বান । পিছে মানৱতা এতিয়াও জীয়াই আছে । মণিষা আৰু সুনীতাক সহায় কৰিবলৈ আহিল সুহৃদয়বান । যোগান ধৰিলে প্ৰয়োজনীয় কিছু সামগ্ৰী । কেইবাটাও সংবাদ মাধ্যমত মণীষা, সুনীতাৰ বাতৰি প্ৰকাশ পোৱাৰ পাচতে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল কেইবাজনো সুহৃদয়বান ।

কলিয়াবৰৰ কেইজনমান সুহৃদয়বান ব্যক্তিৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যই পৰিয়লটোলৈ আগবঢ়ালে খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় বহু সা-সামগ্ৰী । কোনোৱে যদি নগদ ধন, আন কোনোৱে আগবঢ়ালে কাপোৰ, কিতাপ, বহী, বিভিন্ন খাদ্য-সামগ্ৰী । বিদ্যুৎ সংযোগৰ ব্যৱস্থাও শীঘ্ৰে বিনামূলীয়াকৈ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে কলিয়াবৰৰ সংশ্লিষ্ট বিদ্যুৎ বিভাগে ।

সুন্দৰ হওক মণীষা সুনীতাৰ জীৱন । অভাৱৰ মাজতো জিলিকি উঠক দুই কণমাণি আৰু সমাজত আগবাঢ়ি আহক মণীষা, সুনীতাৰ দৰে শিশুৰ জীৱনত হাঁহি বিৰিঙাবলৈ এইসকলৰ দৰে অনেক সুহৃদয়বান লোক ।

লগতে পঢ়ক: Deprived Of Govt Benefits: উৰুখা পঁজাৰ অকলশৰীয়া ব’হাগী আইতাৰ কৰুণ গাঁথা

PMAY Anomaly In Majuli: উৰুখা পঁজাৰ সপোন আৰু অপেক্ষাৰত এগৰাকী আইতা

Last Updated : May 24, 2024, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.