ETV Bharat / state

PMAY anomaly in Majuli: উৰুখা পঁজাৰ সপোন আৰু অপেক্ষাৰত এগৰাকী আইতা

author img

By

Published : Aug 4, 2023, 8:44 PM IST

শেহতীয়াকৈ চৰকাৰী আঁচনিৰ নামত হিতাধিকাৰীক একাংশ মধ্যভোগীয়ে চোঁচৰাই থকা ঘটনা সঘনাই প্ৰচাৰ হৈ আহিছে ৷ এইবাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ভকতি দুৱাৰ গাঁৱৰ জুনু শইকীয়া নামৰ এগৰাকী আইতাৰ লগত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

Old woman's long wait for her dream house
উৰুখা পঁজাৰ সপোন

উৰুখা পঁজাৰ সপোন

মাজুলী, 4 আগষ্ট : অ’ চৰকাৰে শুনিছেনে ? এগৰাকী দুৰ্ভগীয়া আইতাৰ বিননি ৷ এটি উৱলি যোৱা পঁজা, এজাক বতাহতেই ঘৰ ভাগি পৰো পৰো অৱস্থা ৷ জীৱনৰ বিয়লি বেলাত চকুৰ পানীৰে বাট নেদেখা হৈছে এগৰাকী আইতাই ৷ উৱলি যোৱা পঁজাটোৰ বাবেই আইতাৰ চকুত চকুলো ৷

আজি আমি আপোনালোকক ক’বলৈ লৈছো উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ভকতি দুৱাৰ গাঁৱৰ জুনু শইকীয়া নামৰ এইগৰাকী আইতাৰ কথা ।

কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰ, বিভিন্ন সময়ত দৰিদ্ৰ লোকৰ হকে আঁচনি ঘোষণা কৰে কিন্তু প্ৰকৃতপক্ষে আজিও যেন সেই আঁচনি কাগজে-কলমেহে আছে কিছুমান দুৰ্ভগীয়া লোকৰ বাবে ৷ উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ভকতি দুৱাৰ গাঁৱৰ জুনু শইকীয়া নামৰ 60 ৰ উৰ্ধ্বৰ মহিলাগৰাকীৰ নামতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি চৰকাৰী গৃহ আৱণ্টন হৈছিল ৷ যদিও কাগজে কলমৰ বাহিৰে আজিলৈ আইতাগৰাকীয়ে লাভ নকৰিলে গৃহটো ৷

এতিয়াও চৰকাৰী ৰঙা ফিতাৰ মেৰপেচত বন্দী জুনু আইতাৰ আবাসগৃহ ৷ গাঁও পঞ্চায়তলৈ তাঁত বাতি কৰিও ভাগি পৰিছে আইতাগৰাকী ৷ জীৱনৰ শেষ সময়ছোৱাত এটি ভাল ঘৰত থাকি এই পৃথিৱীৰ পৰা মেলানি মাগিব বিচাৰে আইতাগৰাকীয়ে ৷

চৰকাৰী অভিলাষী আচঁনিয়ে সকলো লোককে সামৰি লোৱা বুলি চৰকাৰে ফুলজাৰি মাৰি থকাৰ সময়ত কিয় জুনু আইতাৰ দৰে অতিকৈ দৰিদ্ৰ মহিলাই এটি চৰকাৰী ঘৰ লাভ নকৰিলে, এয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ? আইতাৰ এই আশা যেন আশা হৈয়েই ৰ’ব ৷

কাৰ ভুলৰ বাবে সহজ সৰল আইতাগৰাকীয়ে তাঁত বাতি কৰিও প্ৰধানমন্ত্ৰী আৱাস গৃহৰ তালিকাত প্ৰথমতে নাম অহা পাচতো গৃহ লাভ কৰা নাই ৷ আইতাৰ আহ্বানত মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি পৰিবনে সি সময়ত হ’ব লক্ষ্যণীয় !

লগতে পঢ়ক: Cow Syndicate in Golaghat: গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.