ETV Bharat / bharat

জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 7:48 AM IST

Weekly Horoscope for 28th April to 4th May 2024
আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope for 28th April to 4th May : কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

মেষ ৰাশি : পৰিয়ালৰ পৰা সহায় লাভ । পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব ৷ পাৰিবাৰিক জীৱনত মানসিক চাপ অনুভৱ কৰিব । অন্য কোনো ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে । আৰ্থিক স্থিতি ভাল । ধন সঞ্চয়ৰ ক্ষেত্ৰত সফল । সম্পত্তিত বিনিয়োগ কৰিব পাৰে । ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিব ৷ কঠিন পৰিশ্ৰম কৰিব লাগিব । এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হ’ব ৷

বৃষ ৰাশি : বিবাহিতসকলৰ গাৰ্হস্থ্য জীৱন সুখময় হ’ব । আৰ্থিক লাভৰ যোগ । পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভাৰ্জন । অংশীদাৰী ব্যৱসায় কৰা লোকসকলে ভাল লাভ অৰ্জন কৰিব । চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটো কঠিন পৰিশ্ৰম হ’ব । জ্যেষ্ঠসকল আপোনাৰ কামত সন্তুষ্ট হ’ব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । স্বাস্থ্য বিশেষ ভাল নহ’ব । ঘৰত পূজা-পাতলৰ আয়োজন কৰক । পুৰণি বন্ধুক লগ পাব । ধৰ্মীয় অনুষ্ঠানতো কিছু সময় কটাওক ৷

মিথুন ৰাশি : প্ৰেমাস্পদৰ সৈতে সুখী হোৱা দেখা যাব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে । গাৰ্হস্থ্য জীৱনত সুখপূৰ্ণ মুহূৰ্ত কটাব । এই সপ্তাহত আয়-ব্যয় বৃদ্ধি । পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভ অৰ্জন । ব্যৱসায়ত আপুনি অভিজ্ঞ ব্যক্তিৰ সহযোগিতা লাভ কৰিব । কৰ্মক্ষেত্ৰত কামৰ বোজা বেছি হ’ব । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মনোনিৱেশ কম হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । বন্ধু-বান্ধৱীৰ সহায়ত উপাৰ্জনৰ নতুন উৎস লাভ কৰিব ৷

কর্কট ৰাশি : আৰ্থিক স্থিতি ভাল হোৱাৰ সম্ভাৱনা আছে । ব্যয় হ্ৰাস পাব । বিনিয়োগ ভাবি-চিন্তি কৰক । চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পাব পাৰে । শিক্ষাৰ্থীসকলে মনোযোগেৰে পঢ়া-শুনা কৰা দেখা যাব । প্ৰতিযোগিতাত সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে । উচ্চ শিক্ষাৰ বাবে অতি শুভ সময় ৷ স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব । ঘৰত শুভকাৰ্যৰ আয়োজন হ’ব । মাতৃৰ সহায়-সহযোগিতা লাভ কৰিব ।

সিংহ ৰাশি : প্ৰেমাস্পদৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । পৰস্পৰৰ ওপৰত বিশ্বাস বাঢ়িব । ঘৰুৱা জীৱনত সুখ-শান্তি বিৰাজ কৰিব । জীৱনসংগীয়ে কোনো নতুন কাম আৰম্ভ কৰাত সহায় কৰিব । সম্পত্তি ক্ৰয় কৰাত ধন ব্যয় হ’ব । চৰকাৰীয়ালসকলৰ পদোন্নতিৰ যোগ ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক ৷ স্বাস্থ্য অনুন্নত ৷ ঘৰৰ পৰা অনলাইন কাম কৰা লোকসকলে ভাল লাভ অৰ্জন কৰিব । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে যথেষ্ট প্ৰয়াস কৰিব । মাতৃৰ সৈতে আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ ফলত আপুনি মনত শান্তি পাব ।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । প্ৰেম সম্পৰ্কত উত্থান-পতন থাকিব । আৰ্থিক দিশৰ পৰা সপ্তাহটো অধিক ব্যয়বহুল হ’ব । ব্যৱসায়ত সাফল্য লাভ কৰিব । অফিচৰ কামত ভ্ৰমণলৈ যাবলগীয়াও হ’ব পাৰে। শিক্ষাৰ্থীসকলে সময়সূচী বনাই পঢ়া-শুনা কৰাটো ভাল হ’ব। আপোনাৰ স্বাস্থ্য পূূৰ্বতকৈ ভাল হ’ব । পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ লাভ কৰিব । কোনো বন্ধু-বান্ধৱীৰ সহায়ত উপাৰ্জনৰ উৎস পাব ।

তুলা ৰাশি : বিবাহিত জীৱনত বহুত সুখী হ’ব । আপোনাৰ জীৱন সংগীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । সন্তানৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ । আৰ্থিক স্থিতি ভাল । দৈনিক আয় বৃদ্ধি । শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ । ব্যৱসায়ৰ পৰাও ভাল লাভ অৰ্জন । কামৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ । বতৰ সলনি হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে । পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন বাহন ক্ৰয় কৰিব পাৰে । ঘৰ বা প্লট কিনাৰ পৰিকল্পনাত সফল ।

বৃশ্চিক ৰাশি : জীৱন সংগীয়ে কোনো নতুন কাম আৰম্ভ কৰাত সহায় কৰিব । পিতৃয়ে আপোনাৰ ব্যৱসায়ত ধন ব্যয় কৰিব । পৈতৃক ব্যৱসায় কৰা লোকসকলে ব্যৱসায়লৈ কিছু পৰিৱৰ্তন আহিব । পৰিয়ালৰ সহযোগিতা লাভ । ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । চাকৰিয়ালসকলে উন্নতিৰ সুযোগ পাব ৷ সমাজৰ উন্নতিৰ হকে কাম কৰা লোকৰ সন্মান বাঢ়িব । ব্যৱসায় কৰা লোকসকল ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈও যাব ৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰক । মনৰ যিকোনো ইচ্ছা পূৰণ হ'ব ।

ধনু ৰাশি : আৰ্থিক দিশৰ পৰা সপ্তাহটো শুভ হ’ব । ব্যয় হ্ৰাস পাব আৰু আয় বৃদ্ধি । ব্যৱসায় কৰা লোকসকলে কিছু বিনিয়োগো কৰিব লাগিব । কৰ্মক্ষেত্ৰত কামৰ বোজা অধিক হ’ব । আত্মবিশ্বাস বাঢ়িব । নিবনুৱা লোকসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । স্বাস্থ্য ঠিকেই থাকিব । বিবাহিত লোকসকলৰ জীৱনত উত্থান-পতন থাকিব । প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে । উপহাৰ দিব পাৰে । পিতৃ-মাতৃয়ে সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব । ব্যস্ত দিনটোৰ পৰা নিজৰ বাবে কিছু সময় উলিয়াই প্ৰিয় কামবোৰ কৰক ৷

মকৰ ৰাশি : পাৰিবাৰিক জীৱন যাপন কৰা লোকসকলৰ বাবে শুভ । জীৱন সংগীৰ অগ্ৰগতিত আপুনি সুখী হ’ব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব। পুৰণি বন্ধুক লগ পাব। প্ৰেমৰ সম্পৰ্ক ভাল । আৰ্থিক স্থিতি ভাল । পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব । শিক্ষাৰ্থীসকলৰ বাবে পঢ়া-শুনাত শুভ । উচ্চ শিক্ষাৰ বাবে সময় শুভ । স্বাস্থ্যৰ কোনো বিশেষ উন্নতি নহয়। ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব । বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকক ।

কুম্ভ ৰাশি : বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হোৱা দেখা যাব । পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব । আৰ্থিক স্থিতি ভাল । নতুন বাহনৰ সুখ লাভ কৰিব। সম্পত্তিও ক্ৰয় কৰিব পাৰে । সামৰ্থ্যৰ ভিত্তিত চাকৰিয়াল লোকসকলে পদোন্নতি লাভ । ব্যৱসায় কৰা লোকসকলে কোনো চৰকাৰী আদেশ পাব পাৰে । শিক্ষাৰ্থীসকলে মনোযোগ সহকাৰে পঢ়া-শুনা কৰক । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব। জীৱন সংগীৰ স্বাস্থ্যৰ উন্নতি ।

মীন ৰাশি : প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব আৰু বিবাহৰ প্ৰস্তাৱো দিব পাৰিব । অবিবাহিত লোকসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে । বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হোৱা দেখা যাব । কিছু খৰচে বিপদত পেলাব পাৰে । খৰচ সাৱধানে কৰক । ব্যৱসায় কৰা লোকসকলে নতুন কাম পাব । ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব ৷ চাকৰিয়াল চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰক । স্বাস্থ্য ভালে থাকিব । ঘৰ বা প্লট কিনিবৰ বাবে পৰিকল্পনা সফল হ’ব । আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.