১০০ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 5, 2024, 5:00 PM IST

thumbnail
১০০ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, ৫ মে’ : লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতে আজি ৫ বজাৰৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব । আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে ।

শুৱালকুছিত হাজাৰ হাজাৰ সমৰ্থকে সহাৰি জনোৱা ৰোড শ্ব'ৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে । লোকসভা নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰাৰ পিচৰে পৰা মুখ্যমন্ত্ৰীয়ে ১০০ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । ৮ টাকৈ ৰোড শ্ব’, ১১ খন সাংগঠনিক সভাকে ধৰি মুঠ ১১৯ খন সভাত অংশগ্ৰহণ কৰিছে বুলি কয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীৰ প্ৰতিখন সভাত ২০ হাজাৰ পৰা লাখলৈ মানুহ হৈছে । মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ নিজৰ অভিলেখ ভংগ কৰিছে । প্ৰতিদিনে ৫-৬ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: প্ৰতিকূল বতৰৰ বাবে আদবাটৰ পৰাই উভতিল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ: বাতিল দুখনকৈ সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.