ETV Bharat / politics

প্ৰতিকূল বতৰৰ বাবে আদবাটৰ পৰাই উভতিল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ: বাতিল দুখনকৈ সভা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:42 PM IST

Updated : May 5, 2024, 3:48 PM IST

Himanta Biswa Sarma: বেয়া বতৰৰ বাবে মানকাচৰ আৰু গোৱালপাৰাৰ জনসভাত উপস্থিত হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰী । প্ৰতিকূল বতৰৰ বাবে মাজ আকাশৰ পৰা উভতিল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ । সমবেত ৰাইজক ফোনযোগে সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Himanta Biswa Sarma
প্ৰতিকুল বতৰৰ বাবে নিৰ্বাচনী সভাত অনুপস্থিত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

প্ৰতিকুল বতৰৰ বাবে নিৰ্বাচনী সভাত অনুপস্থিত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী/গোৱালপাৰা, ৫ মে’ : প্ৰতিকূল বতৰৰ বাবে দেওবাৰে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ দেওবাৰে অন্তিম দিনা বেয়া বতৰৰ বাবে মানকাছাৰৰ লগতে গোৱালপাৰাৰ নিৰ্বাচনী সভাত উপস্থিত হ’ব নোৱাৰিলে মুখ্যমন্ত্ৰী । প্ৰতিকূল বতৰৰ বাবে মানকাছাৰ অভিমুখী মুখ্যমন্ত্ৰীৰ যাত্ৰাৰত হেলিকপ্টাৰ আদবাটৰ পৰাই উভটি আহিবলগীয়া হয় ।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে আজাৰাত অনুষ্ঠিত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে শুৱালকুছিত আয়োজিত ৰোড-শ্ব'ত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিব । উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ খানাপাৰাৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত এক বিশাল বাইক ৰেলীৰ আয়োজন কৰা হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰি উক্ত বাইক ৰেলীৰ শুভাৰম্ভ কৰিছিল ।

ইয়াৰ পিচতেই মুখ্যমন্ত্ৰী হেলিকপ্টাৰযোগে মানকাচৰ আৰু গোৱালপাৰাৰ নিৰ্বাচনী প্ৰচাৰ সভা অভিমুখে ৰাওনা হৈছিল । কিন্তু প্ৰতিকূল বতৰৰ বাবে মাজ আকাশৰ পৰা উভতি আহিবলগীয়া হ'ল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ ।

উল্লেখ্য যে গোৱালপাৰা চহৰৰ গুৱালতুলিত আয়োজন কৰা হৈছিল ধুবুৰী লোকসভা সমষ্টিৰ অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভা । নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকী । প্ৰতিকূল বতৰৰ বাবে প্ৰচাৰ সভাত উপস্থিত হ’ব নোৱৰাৰ কথা ফোনযোগে সদৰী কৰিলে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় তিনি সহস্ৰাধিক লোক সমবেত হৈছিল । প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈছিল ধুবুৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোক । প্ৰণিধানযোগ্য যে, নিৰ্বাচনী সভাখনত উপস্থিত হ’ব নোৱাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনযোগে ৰাইজক ক্ষমা বিচাৰি অহা ৭ মে'ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায় নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দিবলৈ আহ্বান জনায় ।

উপস্থিত ৰাইজক সান্তনা দিয়াৰ উদ্দেশ্যে কয় যে নিৰ্বাচনৰ পিচত জাভেদ ইছলামৰ সৈতে গোৱালপাৰাবাসীৰ সৈতে মতবিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে ৭ মে'ত গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন । বিয়লি ৫ বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী

Last Updated :May 5, 2024, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.