ETV Bharat / state

গোলাঘাটৰ চাংখাটি চাৰিআলিত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী - Anti drugs operation

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:10 AM IST

DRUG DEALER DETAIN : ক’লা ড্ৰাগছৰ কৰাল গ্ৰাসত সোমাই পৰিছে গোলাঘাট জিলা ৷ সোমবাৰে পুৱা গোলাঘাট জিলাৰ অপৰাধ শাখা আৰু মেৰাপানী আৰক্ষী থানাৰ লগতে 142 নং চি আৰ পি এফৰ চেক্টৰ কামাণ্ডাৰৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলোৱা হয় ৷ এই অভিযানত 41 টা চাবোনৰ বাকচত 505.5 গ্ৰাম ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰা হয় ।

DRUG DEALER DETAIN
ক’লা ড্ৰাগছৰ কৰলা গ্ৰাসত সোমাই পৰিছে গোলাঘাট (Etv Bharat)

গোলাঘাট, 27 মে’ : ৰাজ্যত অব্যাহত আছে ক’লা ড্ৰাগছৰ বেহা ৷ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সদা সষ্টম হ’লে বৰ্তমানেও অসম আৰক্ষী তথা প্ৰশাসনে ৰাজ্যৰ পৰা নিৰ্মূল কৰিব পৰা নাই ড্ৰাগছৰ বেহা ৷ প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী তথা প্ৰশাসনে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক ।

DRUG DEALER DETAIN
ক’লা ড্ৰাগছৰ কৰলা গ্ৰাসত সোমাই পৰিছে গোলাঘাট (ETV Bharat Assam)

এইবাৰৰ স্থান গোলাঘাট ৷ ড্ৰাগছৰ বিৰুদ্ধে পুনৰ গোলাঘাট আৰক্ষীৰ অভিযান । সোমবাৰে পুৱা এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লগতে 142 নং চি আৰ পি এফৰ চেক্টৰ কমাণ্ডাৰৰ সহযোগত এক অভিযান চলায় ৷

এই অভিযানত জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাংখাটি চাৰিআলিত AS05Q9697 নম্বৰৰ এখন বলেৰ’ বাহনৰ জৰিয়তে অতি কৌশলেৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ চেষ্টা কৰিছিল ৷ তেনে সময়তে আৰক্ষীয়ে অতি কৌশলেৰে 41 টা চাবোনৰ বাকচত 505.5 গ্ৰাম ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

DRUG DEALER DETAIN
ড্ৰাগছসহ আটক সৰবৰাহকাৰী (ETV Bharat Assam)

আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে আইনুল হক, তৌফিক আলী, আবু বক্কৰ আলীৰ লগতে আবু বক্কৰ আলীৰ পত্নী ৷ ধৃত আটাইকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গোলাঘাট জিলাৰ আৰক্ষীয়ে ৷ এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে গোলাঘাট জিলাৰ আৰক্ষীঅধীক্ষক ৰাজেন সিঙে । আৰক্ষীয়ে উল্লেখ কৰা মতে, ড্ৰাগছসমূহ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সীমান্ত অতিক্ৰম কৰি অতি কৌশলেৰে গোলাঘাটলৈ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে চিহ্নিত হৈছে গোলাঘাট জিলা । চুবুৰীয়া ৰাজ্য মণিপুৰ, মেঘালয়, মিজোৰামৰ পৰা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অসম নাগালেণ্ড সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা দৈনিক সৰবৰাহ কৰে এই ড্ৰাগছসমূহ । গোলাঘাট আৰক্ষীয়ে বিভিন্ন সময়ত এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও একাংশ ড্ৰাগছ সৰহবৰাকাৰীৰে দৈনিক ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখে নিচাযুক্ত সামগ্ৰীৰ সহবৰাহ ।

জানিব পৰা মতে, চলিত বৰ্ষত গোলাঘাট আৰক্ষীৰ অভিযানত 5 কেজিৰো অধিক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্ৰায় 25 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক : চামগুৰিত ক’লা ড্ৰাগছৰ অবাধ বেহা, আটক আলী হুছেইন - Anti drugs operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.