ETV Bharat / entertainment

কে কে আৰৰ বৃহৎ জয়ৰ পিচতে শ্বাহৰুখ খানৰ গ্ৰেণ্ড পাৰ্টী - IPL 2024

author img

By ANI

Published : May 27, 2024, 7:37 AM IST

Kolkata Knight Riders won the IPL : হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰে কলকাতা নাইট ৰাইডাৰ্ছে ৷ এই জয়ৰ পিছতে শ্বাহৰুখ খানে পৰিয়ালৰ লগতে দলটোৰ সৈতে গ্ৰেণ্ড পাৰ্টী আয়োজন কৰা দেখা গৈছে ৷

Shah Rukh Khan celebrates KKR's IPL win with his family, team
কে কে আৰৰ জয়: পৰিয়ালৰ সৈতে পাৰ্টীত ব্যস্ত শ্বাহৰুখ খান (AP Photos)

চিটাৰা ডেস্ক, 27 মে’ : দহ বছৰৰ অপেক্ষাৰ অন্তত তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতা নাইট ৰাইডাৰ্ছৰ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলৰ চূড়ান্ত খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে কিং খানৰ মালিকানাধীন দলটোৱে ৷

দলটোৰ লগতে শ্বাহৰুখ খানৰ পৰিয়ালত এই বিজয়ৰ বাবে আনন্দৰ জোঁৱাৰ উঠা দেখা যায় ৷ এই বৃহৎ সাফল্যৰ পিছতে ছুপাৰষ্টাৰগৰাকীক তেওঁৰ দল তথা পৰিয়ালৰ সৈতে বিজয় উৎসৱ উদযাপন কৰা দেখা গৈছিল ৷

কিং খানে তেওঁৰ দলৰ খেলুৱৈসকলক সাক্ষাৎ কৰি আই পি এলৰ খিতাপ জয়ৰ বাবে সকলোকে অভিনন্দন জনাইছিল । এটা ভিডিঅ’ত হৰ্ষিত ৰাণাই অভিনেতাজনক আলিংগন কৰাৰ পিছত কোলাত তুলি লোৱা দেখা গৈছে ৷

আই পি এলৰ অফিচিয়েল পৃষ্ঠাই শ্বেয়াৰ কৰা ছবিসমূহত শ্বাহৰুখ খানক গৌতম গম্ভীৰৰ কপালত চুমা খাই থকা দেখা গৈছে ৷

উল্লেখ্য যে, এছ আৰ কে আৰু তেওঁৰ দলৰ বাবে এয়া এক উদযাপনৰ এটা মূহুৰ্ত আছিল । তেওঁৰ দলটোৱে খেলখন জিকাৰ পিছতে, পত্নী গৌৰীক আলিংগন কৰি কপালত চুম্বন কৰা দেখা গৈছিল ৷ লগতে তেওঁ সুহানা খান আৰু আব্ৰামকো সাৱটি ধৰিছিল ।

অভিনেতাজনক শেহতীয়াকৈ হিট ষ্ট্ৰোকৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ তেওঁ সুস্থ হৈ ঘূৰি অহাৰ পিচত ফাইনেল মেচখনত উপস্থিত হৈছিল ৷ আহমেদাবাদত প্ৰচণ্ড হিট ৱেভৰ ফলত তাৰকাজন অসুস্থ হৈ পৰে, ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে কেইঘণ্টামানৰ পিছতে তেওঁক অব্যাহতি দিয়া হয় ৷

অভিনেতাজনৰ মেনেজাৰ পূজা দাদলানীয়ে কেইদিনমানৰ পূৰ্বে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ সৈতে এক আপডেট শ্বেয়াৰ কৰিছিল । পূজাই শ্বাহৰুখ খানৰ হৈ সকলোকে তেওঁলোকৰ প্ৰাৰ্থনাৰ বাবে ধন্যবাদ জনাই ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ শ্বাহৰুখ খানৰ কে কে আৰৰ ব্যৱসায়িক অংশীদাৰ জুহি চাওলা আৰু স্বামী জয় মেহতাই এছ আৰ কেক সাক্ষাৎ কৰিবলৈ আহমেদাবাদ চিকিৎসালয়লৈ গৈছিল ।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতাৰ - IPL 2024 FINAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.