ETV Bharat / sports

তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতাৰ - IPL 2024 FINAL

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:03 PM IST

Updated : May 26, 2024, 10:44 PM IST

IPL 2024 SRH Vs KKR: হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতাৰ ৷ চেন্নাইত হায়দৰাবাদৰ বিৰুদ্ধে চূড়ান্ত মেচত সহজ জয় কলকাতা নাইট ৰাইডাৰ্ছৰ ৷

IPL 2024 FINAL
IPL 2024 SRH Vs KKR (ETV Bharat)

নিউজ ডেস্ক, 26 মে’: দহ বছৰৰ অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল কলকাতা নাইট ৰাইডাৰ্ছৰ ৷ আজি চেন্নাইত অনুষ্ঠিত হোৱা আই পি এল 2024ৰ চূড়ান্ত মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় সাব্যস্ত কৰে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে ৷ 114 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দলটোৱে 10.3 অভাৰতে 2 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় আৰু আই পি এল 2024ৰ খিতাপ দখল কৰে ৷ দল হৈ ভেংকটেশ আয়াৰে 52 ৰাণৰে অপৰাজিত হৈ থাকে ৷ উইকেট কীপাৰ বেটছমেন ৰহমানউল্লাহ গুৰবাজে 39 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিনছ আৰু শ্বাহবাজ আহমেদে 1 টাকৈ উইকেট দখল কৰে ৷ উল্লেখ্য যে, এতিয়ালৈকে আই পি এলত তিনিবাৰকৈ চেম্পিয়নৰ খিতাপ দখল কৰিছে কলকাতাই ৷

আই পি এল 2024 ৰ ফাইনেলত আজি মুখামুখি হয় কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছান ৰাইজাৰ্ছ হায়দৰাবাদ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠি হোৱা খেলখন চাবলৈ হাজাৰ হাজাৰ দৰ্শক উপস্থিত হোৱা দেখা গৈছে ৷ খিতাপ দখলৰ বাবে ব্যাপক যুঁজ দিছে দুয়োটা দলে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে ৷

প্ৰথমে বেটিং কৰি এছ আৰ এছ দল ব্যাপকভাৱে বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ ধৰা দলটোৰ কোনো এজন বেটাৰে 30 ৰ ৰাণ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে ৷ দুই অপেনাৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে দলক এক সুন্দৰ আৰম্ভণি দিয়াত ব্যৰ্থ হয় ৷ অভিষেকে 2 আৰু হেডে কোনো ৰান নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ৷

লগতে পঢ়ক: নিজৰ দলৰ খেল এৰে কেনেকৈ ! আই পি এল 2024 ৰ ফাইনেল চাবলৈ ষ্টেডিয়ামত উপস্থিত কিং খান - IPL final 2024

ইফালে ৰাহুল ত্ৰিপাঠীয়েও 9 ৰান কৰিয়েই নিজৰ ইনিংছ সামৰে ৷ মাৰ্ক্ৰাম আৰু নিতীশ ৰেড্ডীয়ে স্ক’ৰ বৰ্ড আগুৱাবলৈ চেষ্টা কৰে যদিও কেকেআৰৰ তীক্ষ্ণ বলিঙৰ সমুখত তেওঁলোক দুয়ো বেছি সময় তিষ্ঠিব নোৱাৰিলে ৷ মাৰ্ক্ৰামে 20 আৰু ৰেড্ডীয়ে 16 ৰানহে কৰিবলৈ সক্ষম হয় ৷

বিস্ফোৰক বেটাৰ ক্লাসেনেও 16 ৰান কৰিয়েই পেভিলিয়নৰ বাট লয় ৷ শ্বাহবাজে 8 আৰু ছামাডে 4 ৰান কৰি বিদায় লয় পেভিলিয়নৰ পৰা ৷ অধিনায়ক কামিন্সে আক্ৰমণৰ চেষ্টা চলায় যদিও ৰাছেলে তেওঁকো সফল হ’বলৈ নিদিলে ৷ 24 ৰান কৰি কামিন্স কেচ আউট হয় ৷

উনাদকাটে 4 আৰু ভূৱনেশ্বৰ কুমাৰে কোনো ৰান নকৰাকৈয়ে আউট হয় ৷ 18.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই হায়দৰাবাদে মাত্ৰ 113 ৰানহে সংগ্ৰহ কৰে ৷ কলকাতাৰ হৈ ৰাছেলে 3 টা, ষ্টাৰ্ক আৰু হৰ্ষিতে 2, আৰোৰা, সুনীল আৰু চক্ৰৱৰ্তীয়ে 1 টাকৈ উইকেট লাভ কৰে ৷

লগতে পঢ়ক: আই পি এলৰ ফাইনেল: কলকাতা নে হায়দৰাবাদ, কোনে দখল কৰিব খিতাপ ? - IPL 2024

Last Updated : May 26, 2024, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.