ETV Bharat / sports

আই পি এলৰ ফাইনেল: কলকাতা নে হায়দৰাবাদ, কোনে দখল কৰিব খিতাপ ? - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:26 PM IST

Updated : May 26, 2024, 1:49 PM IST

IPL 2024 Final: আই পি এল ২০২৪ ফাইনেল খেলখন কলকাতা আৰু হায়দৰাবাদৰ মাজত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । দল দুটাই ছিজনটোত অতি আকৰ্ষণীয় ইনিংছ খেলিছে । কিন্তু উভয়ৰে কিছুমান দুৰ্বলতাও আছে ।

IPL 2024 Final
আইপিএলৰ ফাইনেল: কলকাতা নে হায়দৰাবাদ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক,২৬ মে': আই পি এলৰ চূড়ান্ত খেলত দেওবাৰে মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব । এই খেলখনত কেকেআৰৰ বলাৰ আৰু এছআৰএইচৰ বেটছমেনসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে । এই খেলখনত হায়দৰাবাদ দলে আই পি এলৰ দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰিবলৈ চেষ্টা চলাব । একেদৰে কলকাতাই এই ফাইনেলত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে খিতাপ লাভ কৰিব বিচাৰিব ।

এনে পৰিস্থিতিত কলকাতাৰ অধিনায়ক শ্ৰেয়স আয়াৰে বলাৰসকল আৰু হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে বেটছমেনসকলৰ ভৰষাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজনৰ ট্ৰফী অৰ্জন কৰিবলৈ বিচাৰিব । ইয়াৰ পূৰ্বে দুয়োটা দলে কোৱালিফায়াৰ-১ ত মুখামুখি হৈছিল । য'ত কে কে আৰ দলে হায়দৰাবাদক পৰাস্ত কৰিছিল ।

কলকাতা নাইট ৰাইডাৰ্ছৰ শক্তি আৰু দুৰ্বলতা :

এই মূহুৰ্তত কেকেআৰৰ দুৰ্বলতা হৈছে তেওঁলোকৰ বেটিং অৰ্ডাৰ । দলটোৰ বিস্ফোৰক অপেনাৰ আৰু উইকেটকীপাৰ ফিল চল্ট (৪৩৫ ৰাণ) ইতিমধ্যে ইংলেণ্ডলৈ উভতি গৈছে । বৰ্তমান দলটোৰ বেটিং সম্পূৰ্ণৰূপে সুনীল নাৰিনৰ (৪৮২) ওপৰত নিৰ্ভৰ কৰিব । যদি নাৰিন এই খেলখনত ফ্লপ হয়, তেন্তে দলটোৰ মিডল অৰ্ডাৰৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ।

এই ছিজনত অধিনায়ক শ্ৰেয়স আয়াৰৰ (৩৪৫) ফৰ্ম দলটোৰ বাবে উদ্বেগজনক । এনে পৰিস্থিতিত, দলটোৱে শক্তিশালী বিপক্ষৰ দলটোক বলিঙৰ জৰিয়তে পৰাস্ত কৰিব বিচাৰিব । বৰুণ চক্ৰৱৰ্তীয়ে ২০ টা, সুনীল নাৰিনে ১৬ টা আৰু হৰ্ষিত ৰাণাই ১৭ টা উইকেটৰ সৈতে দলটোৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে । মিচেল ষ্টাৰ্ক (১৭) এগৰাকী মেচ বিজয়ী বলাৰ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ শক্তি আৰু দুৰ্বলতা

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ শক্তি হৈছে তেওঁলোকৰ শক্তিশালী বেটিং অৰ্ডাৰ । এই দলটোৰ শীৰ্ষ ক্ৰমটো যথেষ্ট শক্তিশালী । চলিত ছিজনটোত দলটোৰ হৈ ট্ৰেভিছ হেডে ৫৭৬ আৰু অভিষেক শৰ্মাই ৪৮২ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ পিচতে ৰাহুল ত্ৰিপাঠীয়ে ১৫৬ ৰাণৰ সৈতে দলটোৰ হৈ নকআউট মেচত উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল । হেনৰিখ ক্লাছেনেও ৪৬৩ ৰাণ কৰিছে ।

ইয়াৰ উপৰিও, নীতিশ কুমাৰ ৰেড্ডী আৰু আব্দুল চামাদেও দলটোৰ হৈ দ্ৰুতভাৱে ৰাণ সংগ্ৰহ কৰিছে । কিন্তু দলটোৰ দুৰ্বলতা হৈছে স্পিন বিভাগ । হায়দৰাবাদত মায়াংক মাৰ্কান্দেৰ (৮) বাহিৰে আন কোনো শক্তিশালী বলিং বিকল্প নাই । যোৱা খেলখনত দলটো মায়াংকৰ অবিহনে খেলপথাৰলৈ আহিছিল । তাৰ পিচতো দলটোৰ দ্ৰুত বলাৰ টি নটৰাজন (১৯) আৰু পেট কামিন্সে (১৭) আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছিল ।

চেন্নাইৰ এম এ চিদাম্বৰমৰ পিটছ প্ৰতিবেদন

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছখন স্পিন বলাৰসকলৰ বাবে সহায়ক বুলি গণ্য কৰা হয় । এই পিটছত বেটিং কৰিলেও এবাৰ ছেট হোৱাৰ পিচত বেটছমেনে সহজে ৰাণ কৰিব পাৰে । ইয়াৰ উপৰিও, দ্ৰুত বলাৰসকলে বেটছমেনসকলক সমস্যাত পেলাব পাৰে ।

আইপিএল ২০২৪-ৰ কোৱালিফায়াৰ ২ খেলখন এই পিটচতে খেলা হৈছিল । য'ত হায়দৰাবাদ দলে প্ৰথমে খেলি মুঠ ১৭৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু দ্বিতীয় ইনিংছত ৰাজস্থানক ১৩৯ ৰাণতে বান্ধি ৰাখিছিল । এই খেলখনত স্পষ্টভাৱে দেখা গৈছিল যে দ্বিতীয় ইনিংছত পিটছখন লেহেমীয়া হৈ পৰিছিল আৰু বেটছমেনসকলৰ বাবে ৰাণ সংগ্ৰহ কৰাটো সহজ নাছিল ।

কে কে আৰ বনাম এছ আৰ এইচ

আইপিএলৰ ইতিহাসত এতিয়ালৈকে কলকাতা আৰু হায়দৰাবাদৰ মাজত মুঠ ২৭ খন মেচ খেলা হৈছে । কলকাতাই ১৮ খন খেলত জয়ী হৈছে । হায়দৰাবাদ দলে মাত্ৰ ৯ খন মেচত জয়ী হৈছে । কেকেআৰ দলে লীগ পৰ্যায়ত হায়দৰাবাদক ৪ ৰাণত আৰু কোৱালিফায়াৰ-১ ত ৮ উইকেটত পৰাস্ত কৰে । এই দুয়োটা দলৰ মাজত যোৱা ৫ খন খেলৰ ভিতৰত কেকেআৰ দলে ৪ খনত আৰু হায়দৰাবাদে মাত্ৰ ১ খন মেচত জয়ী হৈছে ।

লগতে পঢ়ক :আই পি এল 2024 ৰ যাত্ৰা সামৰি গুৱাহাটীত উপস্থিত ৰিয়ান পৰাগ - Riyan Parag
Last Updated : May 26, 2024, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.