আই পি এল 2024 ৰ যাত্ৰা সামৰি গুৱাহাটীত উপস্থিত ৰিয়ান পৰাগ - Riyan Parag

By ETV Bharat Assamese Team

Published : May 25, 2024, 11:01 PM IST

thumbnail
বৰঝাৰ বিমান বন্দৰত উপস্থিত ৰিয়ান পৰাগ (ETV BHARAT ASSAM)

মিৰ্জা, 25 মে’ : আই পি এল (IPL) 2024 ৰ যাত্ৰা সামৰি মাতৃভূমিত উপস্থিত যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ ৷ ৰাজস্থান ৰয়েলছৰ হৈ চলিত আই পি এলৰ অন্তিমখন মেচত অংশগ্ৰহণ কৰি চেন্নাইৰ পৰা শনিবাৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ল ৰিয়ান পৰাগ ৷ উল্লেখ্য যে, শুকুৰবাৰে চেন্নাইত আই পি এলৰ এলিমিনেটৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈ ফাইনেল খেলাৰ আশা নিৰ্বাপিত হয় ৰাজস্থান ৰয়েলছৰ ৷  

চলিত সংস্কৰণৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ 16 খন মেচত অংশগ্ৰহণ কৰে ৰিয়ান পৰাগে ৷ শুকুৰবাৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শেষৰখন মেচ খেলিছিল ৰিয়ানে ৷ গুৱাহাটীত উপস্থিত হৈ এইবাৰ ভাল অভিজ্ঞতা হ'ল কিন্তু জয়ী হ'ব নোৱৰাৰ বাবে মনটো বেয়া বুলি মন্তব্য কৰে তেওঁ ৷ তেওঁৰ পৰৱৰ্তী লক্ষ্য ভাৰতীয় ক্ৰিকেট দল বুলিও প্ৰকাশ কৰে ৷ ৰিয়ানে কয় "আজি যিসকলে মোক প্ৰশংসা কৰিছে, সেইসকলেই যোৱাবাৰ সমালোচনাও কৰিছিল ৷ গতিকে এইবোৰক লৈ মই সিমান গুৰুত্ব নিদিও ৷"  

উল্লেখ্য যে, 2024 বৰ্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জবল প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৰিয়ান পৰাগে ৷ চলিত ছিজনৰ আই পি এলত মুঠ 16 খন মেচত অংশগ্ৰহণ কৰি খেলুৱৈগৰাকীয়ে 149 ষ্ট্ৰাইক ৰেটেৰে মুঠ 573 ৰাণ সংগ্ৰহ কৰি বৰ্তমানলৈকে বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাডৰ পিচতে তৃতীয় স্থানত আছে ৷ এই ছিজনৰ আই পি এলত ৰিয়ানে চাৰিটা অৰ্ধশতক অৰ্জন কৰে, য’ত তেওঁৰ সাৰ্বাধিক স্ক’ৰ হ’ল 84 ৰাণ (অপৰাজিত) ৷

লগতে পঢ়ক :  নাজিৰাৰ পাৰ্থিবক লৈ এতিয়া সপোন ৰচিছে ভাৰতীয় ফুটবল দলে - Parthib Sundar Gogoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.