ETV Bharat / sports

নাজিৰাৰ পাৰ্থিবক লৈ এতিয়া সপোন ৰচিছে ভাৰতীয় ফুটবল দলে - Parthib Sundar Gogoi

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:17 PM IST

Parthib Sundar Gogoi : ভাৰতীয় ফুটবলৰ ক্ষেত্ৰখনত উজ্বল মুকুতা হৈ জিলিকিছে নাজিৰাৰ পাৰ্থিব সুন্দৰ গগৈ ৷ তেওঁৰ উজ্বল প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় ফুটবল দলৰ নিৰ্বাচকসকলক ৷

Parthib Sundar Gogoi
ভাৰতীয় ফুটবলৰ ক্ষেত্ৰখনত জিলিকিছে পাৰ্থিব সুন্দৰ গগৈ (North East United FC)

স্পৰ্টছ ডেস্ক, 24 মে’ : ভাৰতীয় ফুটবলত উজ্জ্বল মুকুতা হৈ জিলিকিছে শিৱসাগৰৰ নাজিৰাৰ পাৰ্থিব সুন্দৰ গগৈ ৷ 2003 চনৰ 30 জানুৱাৰীত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰা পাৰ্থিবে ইতিমধ্যে তেওঁৰ উজ্জ্বল প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় ফুটবল দলৰ নিৰ্বাচকসকলক ৷

উল্লেখ্য যে, পাৰ্থিব সুন্দৰ গগৈ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ ৷ ইণ্ডিয়ান ছুপাৰ লীগ ক্লাব নৰ্থ-ইষ্ট ইউনাইটেডৰ ফৰৱাৰ্ড হিচাপে খেলে পাৰ্থিবে ৷ 2003 চনৰ 30 জানুৱাৰীত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰা পাৰ্থিবে ইতিমধ্যে ভাৰতীয় ফুটবলৰ ক্ষেত্ৰখনত উজ্জ্বল মুকুতা হৈ জিলিকিছে ৷ তেওঁৰ উজ্জ্বল প্ৰদৰ্শনে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় ফুটবল দলৰ নিৰ্বাচকসকলক ৷

2020-21 ছিজনৰ পূৰ্বে পাৰ্থিবক অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ বিকশিত দল আই-লীগৰ দল ইণ্ডিয়ান এৰোছৰ অংশ হিচাপে ঘোষণা কৰা হৈছিল ৷ আইজলৰ বিৰুদ্ধে তেওঁ এটা গল কৰিছিল ৷ 5 ছেপ্টেম্বৰত নৰ্থ-ইষ্ট ইউনাইটেডে ইণ্ডিয়ান এৰোছৰ পৰা পাৰ্থিবক কেবাবছৰীয়া চুক্তিত চুক্তিবদ্ধ কৰে ৷ 4 আগষ্টত ডুৰাণ্ড কাপত শ্বিলং লাজঙৰ বিৰুদ্ধে পাৰ্থিব গগৈয়ে 4-0 গলৰ জয়ত প্ৰথমটো ছিনিয়ৰ হেট্ৰিক অৰ্জন কৰে ৷ 2023 চনৰ 6 অক্টোবৰত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অভিষেক ঘটোৱা পঞ্জাৱৰ সৈতে 1-1 গলৰ টাইত লং ৰেঞ্জাৰৰ পৰা পাৰ্থিবে অ’পেনাৰ গল দিয়ে ৷

2022 চনৰ SAFF U-20 চেম্পিয়নশ্বিপত শ্বানমুগম ভেংকটেশে পৰিচালনা কৰা ভাৰতৰ 20 বছৰ অনুৰ্ধ জাতীয় দলৰ অংশ আছিল পাৰ্থিব ৷ সেই সংস্কৰণত ফাইনেলত বাংলাদেশক 5-2 গলত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ভাৰতে ৷ ইয়াৰ উপৰিও তেওঁ দলটোৰ 2023 চনৰ AFC অনূৰ্ধ্ব-20 এছিয়ান কাপৰ অৰ্হতা (Qualification) দলত স্থান লাভ কৰে ৷ উল্লেখ্য যে, পাৰ্থিবৰ জ্যেষ্ঠ ভাতৃ প্ৰজ্ঞান গগৈয়ো এজন সুদক্ষ পেছাদাৰী ফুটবল খেলুৱৈ ৷

শেহতীয়াকৈ ভাৰতীয় দলৰ পৰা আঘাতৰ বাবে বাদ পৰিল সম্ভাৱনাময় ফুটবল খেলুৱৈ পাৰ্থিব সুন্দৰ গগৈ ৷ কুৱেইটৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ বাবে ভাৰতীয় দলৰ নিৰ্বাচনকৰ দৃষ্টি পাৰ্থিবৰ ওপৰত পৰিছিল যদিও দুৰ্ভাগ্যবশতঃ ঘোষণা কৰা 27 জনীয়া ভাৰতীয় দলত আঘাতৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হ’ল পাৰ্থিব ৷ ঘোষিত দলটোত ফৰৱাৰ্ড পাৰ্থিৱ গগৈক স্থান দিয়া হোৱা নাই বুলি জনিবলৈ দিছে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে ৷

পাৰ্থিব গগৈকে ধৰি আন চাৰিগৰাকীক দলৰ বাদ দিয়া হৈছে বুলি জনায় মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷ এই সন্দৰ্ভত ইগৰ ষ্টিমাকে এক প্ৰেছ বিজ্ঞপ্তিত কয়- "তেওঁলোক সকলোৱে অতি পেছাদাৰী আৰু কঠোৰ পৰিশ্ৰমী ৷ সেয়ে তেওঁলোকৰ মাজৰ পৰা দল নিৰ্বাচন কৰাটো সঁচাকৈয়ে কঠিন আছিল ৷ বিশেষকৈ জিথিন আৰু পাৰ্থিৱৰ স্থানৰ ক্ষেত্ৰত ৷ পাৰ্থিৱ আৰু হাম্মাদে কেইদিনমান পূৰ্বে সামান্য আঘাত পাইছিল ৷ সেয়ে তেওঁলোকক 7-14 দিনৰ বিশ্ৰামৰ প্ৰয়োজন হ'ব ৷"

লগতে পঢ়ক : কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপ কোৱালিফায়াৰ দল ঘোষণা ভাৰতৰ - FIFA WC Qualifier

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.