কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপ কোৱালিফায়াৰ দল ঘোষণা ভাৰতৰ - FIFA WC Qualifier
India Squad for FIFA WC Qualifier : ভাৰতে শুকুৰবাৰে ফৰ্মৰ তুংগত থকা কুৱেইটৰ বিৰুদ্ধে বহু প্ৰত্যাশিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ বাবে ২৭ জনীয়া দলটো ঘোষণা কৰে । ফৰৱাৰ্ড পাৰ্থিৱ গগৈ আৰু ডিফেণ্ডাৰ মুহাম্মদ হাম্মাদক আঘাতৰ বাবে দলত স্থান দিয়া হোৱা নাই। উল্লেখ্য যে ভাৰতৰ আটাইতকৈ সফল ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ মেচখনৰ পিচত আৰু তেওঁ ভৰিত বুট পিন্ধা দেখা নাযাব ।

Published : May 24, 2024 at 7:31 PM IST
স্পৰ্টছ ডেস্ক, ২৪ মে' : কুৱেইটৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ বাবে ২৭ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । শুকুৰবাৰে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে দলটো ঘোষণা কৰে । ঘোষিত দলটোত ফৰৱাৰ্ড পাৰ্থিৱ গগৈ আৰু ডিফেণ্ডাৰ মুহাম্মদ হাম্মাদক স্থান দিয়া হোৱা নাই । আনহাতে, দেশৰ কিংবন্তী ফুটবলাৰ সুনীল ছেত্ৰীৰ বাবে এইখন হ'ব অন্তিম মেচ । উল্লেখ্য, শেহতীয়াকৈ এক ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে অৱসৰ ঘোষণা কৰিছে ।
ভুৱনেশ্বৰত এক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা মুঠ 32 গৰাকী খেলুৱৈৰ ভিতৰত পাঁচগৰাকী খেলুৱৈক বাদ দিয়া হৈছে । তেওঁলোক হৈছে ফুৰবা লাচেনপা, পাৰ্থিৱ গগৈ, ইমৰান খান, হাম্মাদ আৰু জিথিন এমএছ ।
"তেওঁলোক সকলোৱে অতি পেছাদাৰী আৰু কঠোৰ পৰিশ্ৰমী আছিল । সেয়ে তেওঁলোকৰ মাজৰ পৰা দল নিৰ্বাচন কৰাটো সঁচাকৈয়ে কঠিন আছিল । বিশেষকৈ জিথিন আৰু পাৰ্থিৱৰ স্থানৰ ক্ষেত্ৰত । পাৰ্থিৱ আৰু হাম্মাদে কেইদিনমান পূৰ্বে সামান্য আঘাত পাইছিল । সেয়ে তেওঁলোকক ৭-১৪ দিনৰ বিশ্ৰামৰ প্ৰয়োজন হ'ব ।" ইগৰ ষ্টিমাকে এক প্ৰেছ বিজ্ঞপ্তিত কয় ।
আনহাতে, বাকী খেলুৱৈসকলে ভুৱনেশ্বৰত প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলিও তেওঁ কয় । ইয়াৰ পিচত ভাৰতীয় দলটোৱে ২৯ মে'ত ভাৰতীয় ফুটবলৰ মক্কা স্বৰূপ কলকাতা ভ্ৰমণ কৰিব । ৬ জুনত বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত 'ব্লু টাইগাৰ'সকলে কুৱেইটৰ মুখামুখি হ'ব । কুৱেইটৰ বিৰুদ্ধে মেচখনৰ পিচত ভাৰতে গ্ৰুপ এৰ অন্তিম দুখন মেচত 11 জুনত কাটাৰৰ বিৰুদ্ধে খেলিবলৈ যাব ।
কুৱেইটৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনে ভাৰতীয় দলটোৰ এক উজ্জ্বল ১৯ বছৰীয়া কেৰিয়াৰৰ পট পোলাব । কিয়নো এই মেচখনৰ পিচতে ৯৪ টা গ'লেৰে ভাৰতৰ শীৰ্ষ গ'ল সংগ্ৰাহক হিচাপে পৰিগণিত ৩৯ বছৰীয়া সুনীল ছেত্ৰীয়ে ফুটবলক বিদায় জনাব । উল্লেখ্য যে এই মেচখনতে তেওঁ ভাৰতীয় দলৰ জাৰ্চীত সৰ্বাধিক 150 খন মেচত প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় ফুটবলাৰ হিচাপে অভিলেখ গঢ়ি ফুটবলক বিদায় জনাব । উল্লেখ্য যে বৰ্তমান খেলি থকা ফুটবলাৰসকলৰ ভিতৰত ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ'নেল মেছিৰ পিচত তৃতীয় গ'ল স্ক'ৰাৰ হৈছে সুনীল ছেত্ৰী । আনহাতে, তেওঁ বৰ্তমান আন্তৰ্জাতিক গ'ল স্ক'ৰাৰৰ সৰ্বকালৰ তালিকাত চতুৰ্থ স্থানত আছে ।
উল্লেখ্য যে চাৰিখন মেচৰ পৰা চাৰি পইণ্টৰ সংগ্ৰহেৰে ভাৰত বৰ্তমান এ গ্ৰুপৰ দ্বিতীয় স্থানত আছে । গ্ৰুপৰ শীৰ্ষ দুটা দলে ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু ২০২৭ চনত চৌডি আৰবত অনুষ্ঠিত হ'বলগীয়া এএফচি এছিয়ান কাপৰ বাবেও যোগ্যতা অৰ্জন কৰিব ।
দলটো
গ'লৰক্ষক- গুৰপ্ৰীত সিং সান্ধু, অমৰিন্দৰ সিং, বিশাল কাইথ । ডিফেণ্ডাৰ- অমেয় ৰাণাৱাড়ে, আনৱাৰ আলী, জয় গুপ্তা, লালচুংনুঙ্গা, মেহতাব সিং, নৰেন্দ্ৰ, নিখিল পূজাৰী, ৰাহুল ভেকে, শুভাশিস বসু । মিডফিল্ডাৰ- অনিৰুদ্ধ থাপা, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ, এডমাণ্ড লালৰিন্দিকা, জেকচন সিং থৌনাওজাম, লালিয়াঞ্জুৱালা চাংটে, লিষ্টন কোলাকো, মহেশ সিং নাওৰেম, নন্দকুমাৰ চেকাৰ, চাহল আব্দুল চামাদ, সুৰেশ সিং ৱাংজাম । ফৰৱাৰ্ড- ডেভিদ লালহলচাংগা, মনৱীৰ সিং, ৰহিম আলী, সুনীল ছেত্ৰী, বিক্ৰম প্ৰতাপ সিং ।

