ETV Bharat / sports

মালয়েছিয়া মাষ্টাৰ্ছ ২০২৪ৰ ছেমিফাইনেলত পিভি সিন্ধু, কোৱাৰ্টাৰত স্তব্ধ অসমৰ অস্মিতা - Malaysia Masters 2024

author img

By ETV Bharat Sports Team

Published : May 24, 2024, 2:20 PM IST

Malaysia Masters 2024 : মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলৰ এক কঠিন যুঁজত শুকুৰবাৰে শীৰ্ষ স্থানৰ চীনৰ হান য়ুক পৰাস্ত কৰি ভাৰতৰ শীৰ্ষ শ্বাটলাৰ পি ভি সিন্ধুৱে ছেমি ফাইনেলত উপনীত হয় । আনহাতে, অসমৰ অস্মিতা চলিহাৰ দৌৰ কোৱাৰ্টাৰ ফাইনেলতে স্তব্ধ হয় ।

Malaysia Masters 2024
পি ভি সিন্ধু (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৪ মে' : মালয়েছিয়া মাষ্টাৰ্ছত খিতাপ অৰ্জনৰ দিশত আৰু এখোজ আগবাঢ়িছে পি ভি সিন্ধু । ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে শুকুৰবাৰে চীনৰ শীৰ্ষ স্থানৰ হান য়ুৰ বিৰুদ্ধে এক কঠিন যুঁজৰ অন্তত ছেমিফাইনেলত স্থান নিশ্চিত কৰে । বিশ্বৰ ১৫ নম্বৰ স্থানৰ সিন্ধুৱে ৫৫ মিনিটৰ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ষষ্ঠ স্থানৰ হানক ২১-১৩, ১৪-২১, ২১-১২ ব্যৱধানত পৰাস্ত কৰে ।

ইয়াৰ দ্বাৰা এছিয়া বেডমিণ্টনত অনুষ্ঠিত তেওঁৰ অন্তিমখন মেচত চীনা প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাজয়ৰ মধুৰ পোতক তোলে । প্ৰাক্তন বিশ্ব চেম্পিয়ন সিন্ধুৱে এতিয়া পৰৱৰ্তী পৰ্যায়ত ইণ্ডোনেছিয়াৰ পুচুমা ভাৰ্দানি বা থাইলেণ্ডৰ বুচানান অংবামৰুংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

২০২২ চনত অন্তমবাৰ ছিংগাপুৰ অপেন জয় কৰা সিন্ধুৱে ৫৫ মিনিটৰ মেচখনত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে । প্ৰথমটো গেমত ৩-৩ ব্যৱধানত পিছপৰি থকাৰ পৰা বিৰতিৰ সময়ত ১১-৫ ৰ অগ্ৰগতি লাভ কৰে । আনহাতে, চীনা প্ৰতিদ্বন্দ্বীয়ে লাহে লাহে ১৩-১৬ ৰ অগ্ৰগতি লাভ কৰে । কিন্তু সিন্ধুৱে একেৰাহে বাকী পাঁচ পইণ্ট সংগ্ৰহ কৰি প্ৰথমখন গেমত জয়লাভ কৰে ।

ইয়াৰ পিচৰ গেমত হানে আৰম্ভণিতে 5-0 ৰ অগ্ৰগতি লাভ কৰে । কিন্তু সিন্ধুৱে সংগ্ৰাম কৰা সত্ত্বেও তেওঁ আধিপত্য বিস্তাৰ কৰি থাকে । ফলস্বৰূপে তেওঁ ১৫-২ ৰ বৃহৎ অগ্ৰগতি লাভ কৰে আৰু সিন্ধুৱে কিছু সংগ্ৰাম কৰিলেও হানে মেচখন নিজৰ আয়ত্তলৈ লৈ যায় ।

আনহাতে, সিন্ধুৱে তৃতীয় গেমৰ বিৰতিৰ সময়ত অতি চতুৰতাৰে ১১-৩ ৰ বৃহৎ অগ্ৰগতি লাভ কৰে । এই নিৰ্ণায়ক ব্যৱধান হানে আৰু পৰাস্ত কৰিব নোৱাৰিলে । ইফালে প্ৰতিযোগিতাখনৰ অন্য এক ফলাফলত অস্মিতা চলিহাই উজ্জ্বল প্ৰদৰ্শন কৰিলেও কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ স্থানৰ চীনৰ ঝাং য়ি মেনৰ হাতত ১০-২১, ১৫-২১ ব্যৱধানত পৰাস্ত হয় ।

লগতে পঢ়ক :এফ আই এইচ প্ৰ’ লীগত আৰ্জেন্টিনাৰ বিৰুদ্ধে ৫-৪ গ’লৰ ব্যৱধানত ভাৰতৰ জয় - FIH Pro League 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.