ETV Bharat / sports

'জি জি দুখ নকৰিব, এয়া ভগৱানৰ ইচ্ছা': গৌতম গম্ভীৰক কিয় এনেদৰে সান্ত্বনা দিছিল শ্বাহৰুখে ? - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:58 AM IST

IPL 2024 Final: ২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ জয়ৰ পিচতে কলকাতা নাইট ৰাইডাৰ্ছে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে । সহঃ স্বত্বাধিকাৰী শ্বাহৰুখ খানে কে কে আৰৰ মেণ্টৰ গৌতম গম্ভীৰক সান্ত্বনা দিয়া দেখা গৈছিল ভিডিঅ'টোত । কি কৈছিল শ্বাহৰুখ খানে ?

IPL 2024 Final
গৌতম গম্ভীৰক কিয় এনেদৰে সান্ত্বনা দিছিল শ্বাহৰুখে (ETV Bharat)

স্প’ৰ্টছ ডেস্ক,২৭ মে': তৃতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে । দেওবাৰে অনুষ্ঠিত আই পি এলৰ ফাইনেল খেলখনত কলকাতাই হায়দৰাবাদ দলটোক পৰাজিত কৰে । এই বিজয়ৰ লগে লগে কে কে আৰৰ সহঃ স্বত্বাধিকাৰী শ্বাহৰুখ খানক যথেষ্ট আনন্দিত দেখা গৈছে । সামাজিক মাধ্যমত এটা পুৰণি ভিডিঅ' পোষ্ট কৰে, য'ত তেওঁ গৌতম গম্ভীৰক উদ্দেশ্যি লিখিছিল, "জি জি দুখ নকৰিব, আজিৰ বাবে ঈশ্বৰৰ পৰিকল্পনা আছিল" ৷

ইফালে কলকাতা নাইট ৰাইডাৰ্ছে এক্সত এটা ভিডিঅ' পোষ্ট কৰে য'ত শ্বাহৰুখ খানে দেওবাৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৪ ৰ ফাইনেলত অপ্ৰত্যাশিত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটৰ বৃহৎ জয়ৰ পিচত গৌতম গম্ভীৰক উৎসাহিত কৰিছিল ।

কে কে আৰে শ্বেয়াৰ কৰা পুৰণি ভিডিঅ'টোত শ্বাহৰুখ খানে কৈছে জি জি আপুনি দুখ নকৰিব । আমি সকলোৱে উভতি আহিম আৰু ইয়াতকৈও ভাল কৰিম । ৰিঙ্কুৱে কোৱাৰ দৰে এয়া ঈশ্বৰৰ পৰিকল্পনা । আমি ঈশ্বৰৰ অধিক আৰু উন্নত পৰিকল্পনাৰ সৈতে উভতি আহিম বুলি ভিডিঅ'টোত শ্বাহৰুখ খানে উল্লেখ কৰিছিল ।

আচলতে শ্বাহৰুখে ১৬ এপ্ৰিলত ইডেন গাৰ্ডেনত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) বিৰুদ্ধে হতাশাজনক পৰাজয়ৰ পিচত তেওঁৰ খেলুৱৈ আৰু পৰামৰ্শদাতাক এনেদৰে অনুপ্ৰাণিত কৰিছিল । এয়া আছিল ইংলেণ্ডৰ অধিনায়ক আৰু আৰ আৰ অপেনাৰ জছ বাটলাৰ, যিয়ে কেকেআৰৰ বিৰুদ্ধে ৬০ টা বলৰ ব্যতিক্ৰমী ১০৭ ৰাণৰ ইনিংছ খেলিছিল ।

উল্লেখ্য যে, দেওবাৰৰ ফাইনেল খেলখনত টছত পৰাজিত হোৱাৰ পিচত কে কে আৰে বলিং কৰে আৰু এছ আৰ এইচক ১১৩ ৰাণতে অল আউট কৰে । আই পি এলৰ ফাইনেল ইতিহাসত এতিয়ালৈকে সৰ্বনিম্ন মুঠ ৰাণ আছিল । আনহাতে কে কে আৰৰ সন্মুখত লক্ষ্য আছিল ১১৪ ৰাণৰ । প্ৰায় ৫৭ টা বল বাকী থকা অৱস্থাতে কে কে আৰে খেলখন নিজৰ নামত কৰি ট্ৰফী তুলি ল'লে । ভেংকটেশ আয়াৰে ২৬ টা বলত ৫২ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে ।

আনহাকে মিচেল ষ্টাৰ্কে ১৪ ৰাণ দি ২ টা উইকেট লাভ কৰে । একেদৰে আন্দ্ৰে ৰাছেলে ১৯ ৰাণত ৩ টা উইকেট আৰু হৰ্ষিত ৰাণাই ২৪ ৰাণ দি ২ উইকেট লাভ কৰে ।

লগতে পঢ়ক :কে কে আৰৰ বৃহৎ জয়ৰ পিচতে শ্বাহৰুখ খানৰ গ্ৰেণ্ড পাৰ্টী - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.