ETV Bharat / bharat

প্ৰকৃততে কি হৈছিল ৰাজকোটৰ TRP গেমজ’নত ? পোহৰলৈ আহিল চিচিটিভি ফুটেজ - fire incident

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:12 AM IST

Gujarat fire incident : গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত সংঘটিত অগ্নিকাণ্ডই ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে অগ্নিকাণ্ডৰ ঘটনাৰ পূৰ্বৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে ।

Gujarat fire incident
প্ৰকৃততে কি হৈছিল ৰাজকোটৰ TRP গেমজ’নত ? (ETV BHARAT GUJRAT)

নেশ্যনেল ডেস্ক, 27 মে’ : গুজৰাটৰ ৰাজকোটৰ নানা মাৱা পথত অৱস্থিত টি আৰ পি গেমজ’নত শনিবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত এতিয়ালৈকে 28 জন লোকৰ মৃত্যু হৈছে ৷ এই ঘটনাই কেৱল গুজৰাটতে নহয় সমগ্ৰ দেশক আলোড়িত কৰিছে ।

ৰাজকোটৰ TRP চিচিটিভি ফুটেজ (ETV BHARAT GUJRAT)

এই দুৰ্ঘটনাটোত আন বহুলোক আহত হৈছে, সম্প্ৰতি তেওঁলোক সকলো চিকিৎসাধীন হৈ আছে । ইয়াৰ পিচতে শেহতীয়াকৈ অগ্নিকাণ্ডৰ ঘটনাৰ পূৰ্বে চিচিটিভি ফুটেজ পোহৰলৈ আহিছে । এই ফুটেজটোত অগ্নিকাণ্ডৰ ঘটনা কেনেকৈ আৰম্ভ হৈছিল আৰু ই কেনেকৈ নিমিষতে বিয়পি পৰিছিল, সকলো স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ এই ফুটেজটোত কেনেকৈ 28 গৰাকী লোকে জুইৰ মাজত হাহাকাৰ কৰিছিল আৰু চিৰদিনৰ বাবে নিয়তিৰ কোলাত শুই পৰিছিল সকলো পৰিলক্ষিত হৈছে ৷

এই ফুটেজটো টি আৰ পি গেম জ’নত অগ্নিকাণ্ড হোৱাৰ ঘটনাৰ কেইছেকেণ্ড মানৰ আগৰ । ফুটেজটোত দেখা অনুসৰি, প্ৰথম মহলাৰ চালত ৱেল্ডিঙৰ কাম চলি আছিল, তাৰে মজিয়াত কিছু প্লাইউড শ্বীট পৰি আছে ৷ ৱেল্ডিঙৰ কামৰ সময়ত ওলোৱা জুইৰ স্ফুলিংগ প্লাইউডৰ শ্বীটত পৰি যায় আৰু তাৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে ৷

লগে লগে কিছু কৰ্মচাৰীয়ে ধোঁৱা ওলাই অহা দেখি জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ চকুৰ পচাৰতে ঘটনাস্থলীত জুইৰ ভয়ংকৰ শিখাৰ সৃষ্টি হয় ৷ লগে লগে নিমিষতে সমগ্ৰ অঞ্চলটোত জুয়ে আৱৰি ধৰে ৷ ঘটনা বিষম দেখি ততালিকে কিছু লোকে সেই ঠাইৰ পৰা বাহিৰলৈ ওলাই গৈছিল ৷ কিন্তু তেতিয়ালৈ কিছু লোক জুইত আৱদ্ধ হৈ পৰে ৷ লগে লগে ঘটনাস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷

ইতিমধ্যে গেম জ’নত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে এক গোচৰ । যুৱৰাজ সিং সোলাংকি আৰু প্ৰকাশ জৈনকে ধৰি ছয়জন অভিযুক্তৰ বিৰুদ্ধে তালুকা থানাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:ৰাজকোটৰ TRP গেমজ’নত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; ৬ জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন - Rajkot Game Zone fire incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.