ETV Bharat / bharat

ৰাজকোটৰ TRP গেমজ’নত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; ৬ জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন - Rajkot Game Zone fire incident

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 5:25 PM IST

Updated : May 26, 2024, 8:41 PM IST

Gujarat fire incident : শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, ৰাজকোট TRP গেম জ’নত অগ্নিকাণ্ডত ২৮ জন লোকৰ মৃত্যু হৈছে । ইতিমধ্যে ৬ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নো কৰা হৈছে ৷

Suomoto filed in Gujarat High Court on Rajkot Game Zone fire incident
ৰাজকোট TRP গেম জ’নত অগ্নিকাণ্ড (Etv Bharat)

নেশ্যনেল ডেস্ক, ২৬ মে’ : গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত সংঘটিত অগ্নিকাণ্ডই ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ গেম জ’নত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে এক গোচৰ । যুৱৰাজ সিং সোলাংকি আৰু প্ৰকাশ জৈনকে ধৰি ছয়জন অভিযুক্তৰ বিৰুদ্ধে তালুকা থানাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

অভিযুক্তৰ বিৰুদ্ধে আই পি চিৰ ৩০৪, ৩০৮, ৩৩৭, ৩৩৮ আৰু ১১৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চেও আন বহু অভিযুক্তক আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ আনকি তালুকা আৰক্ষীয়েও ধৃত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে ৷ গুজৰাটৰ এটা গেমজ’নত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কিশোৰসহ বৰ্তমানলৈকে ৩০ জন লোকৰ মৃত্যু হৈছে ।

একে সময়তে ৰাজকোট গেম জ’নৰ অগ্নিকাণ্ডৰ গোচৰ আদালতৰ মজিয়াত উপনীত হৈছে । ৰাজকোট গেমজ’নত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে (Suo moto Bar Association) ৷ বাৰ এছ’চিয়েশ্যনৰ মতে গুজৰাটৰ আন ঠাইতো গেমজ’ন আছে । গেমজ’নৰ মালিকৰ অৱহেলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ​​উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

আদালতে এই দুৰ্ঘটনাক গুৰুত্বসহকাৰে লৈছে । আদালতে কয় যে এয়া স্বাভাৱিক নহয়, বৰঞ্চ ই মানৱসৃষ্ট দুৰ্যোগ । ঘটনা সন্দৰ্ভত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰি গেম জ’নৰ আয়োজকৰ গাফিলতিৰ বাবে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে বুলিও কয় ।

লগতে পঢ়ক: গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire incident

Last Updated : May 26, 2024, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.