ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 1:49 PM IST

Bike rally in Guwahati : অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰত গুৱাহাটীত বিজেপিৰ শক্তি প্ৰকাশ । খানাপাৰাৰ পৰা লতাশিল লৈ বিজেপিৰ বিশাল বাইক ৰেলী । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গুৱাহাটীত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে সাসকীয় দল বিজেপিয়ে ।

Massive bike rally led by Himanta Biswa Sarma in Guwahati
গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশাল বাইক ৰেলী (ETV Bharat Assam)

গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশাল বাইক ৰেলী (ETV Bharat Assam)

গুৱাহাটী,৫ মে': আজি ৫ বজাত অন্ত পৰিব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰ সভা অন্ত পৰাৰ পূৰ্বে জোৰদাৰ হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । সকলো ৰথী-মহাৰথী নামি পৰিছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ অন্তিম দিনটোত । গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক জয়যুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে মুখ্যমন্ত্ৰীকে আদি কৰি শাসকীয় বিজেপি দল ।

বিজুলী কলিতায় হৈ গুৱাহাটী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিজেপিৰ আন নেতাসকলো প্ৰচাৰত নামি পৰিছে । আজি পুৱাই বিজুলী কলিতা মেধিৰ হৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপিয়ে উলিয়ালে এক বিশাল বাইক ৰেলী । গুৱাহাটীত প্ৰচাৰৰ অন্তিম দিনা বাইক ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

খানাপাৰা খেলপথাৰৰ পৰা বাইক ৰেলীৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । বাইক ৰেলী উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি নিৰ্বাচন প্ৰচাৰৰ অন্তিম দিন । এইবাৰৰ নিৰ্বাচনত যুৱসমাজৰ মাজত অভূতপূৰ্ব উচাহ উদ্দীপনা দেখা পোৱা গৈছে । অসমৰ মহিলাই ১০০% বিজেপিক ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিওখন আখন আমি জয়ী হম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে আজিৰ এই বাইক ৰেলীত প্ৰায় ২৫০০ খন বাইকে অংশগ্ৰহণ কৰে । ১১ কিলোমিটাৰজোৰা এই বাইক ৰেলীত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতিৰ বন্য়া - Lok Sabha Election 2024

গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব : ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.