ETV Bharat / politics

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতিৰ বন্য়া - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:53 PM IST

Guwahati Lok Sabha constituency
গুৱাহাটী লোকসভা সমষ্টি (ETV BHARAT ASSAM)

Guwahati Lok Sabha constituency : ৭ মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । সেয়েহে চলিছে অন্তিম প্ৰচাৰ অভিযান ।

গুৱাহাটী লোকসভা সমষ্টি (ETV BHARAT ASSAM)

গুৱাহাটী, ৪ মে : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰচাৰ কাইলৈ অন্ত পৰিব । নিৰ্বাচনী প্ৰচাৰ সভা অন্ত পৰাৰ পূৰ্বে জোৰদাৰ হৈছে তৃতীয় পৰ্যায়ৰ প্ৰচাৰ । সকলো ৰথী-মহাৰথী নামিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত । ৭ মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ শাসকীয় দল বিজেপি অধিক তৎপৰ হৈ পৰিছে । বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টি গেৰুৱা বাহিনীৰ বাবে সন্মানৰ যুঁজ হৈ পৰিছে । কাৰণ গুৱাহাটী সমষ্টিত শাসকীয় দলটোৱে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে মুখ্যমন্ত্রীকে ধৰি দলীয় নেতৃত্বই গুৱাহাটী সমষ্টিত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি দাবী কৰিছে । ইতিমধ্যে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাইছে । আজি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত তিনিখন কৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে । চানমাৰী খেলপথাৰত আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে নাচি-বাগি জনতাক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।

চানমাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদীৰ চৰকাৰ গঠন কৰিবলৈ হ'লে বিজুলী কলিতাক জিকাবই লাগিব । কংগ্ৰেছ দল জিকিলে কোন প্ৰধানমন্ত্ৰী হ'ব কোনেও ক'ব নোৱাৰে । আজিলৈ কংগ্ৰেছে নাম প্ৰকাশ কৰাই নাই । বিজেপি চৰকাৰ আহিলে মোদী প্ৰধানমন্ত্ৰী হ'ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসমৰ গামোচা ডিঙিত লৈ ঘূৰি ফুৰা দেখা নাই। কিন্তু নৰেন্দ্ৰ মোদীয়ে দেশ নহয়, বিদেশতো তেওঁ ডিঙিত গামোচা লৈ ফুৰে । মোদীয়ে একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে এনিশা কাজিৰঙাত কটাই গ'ল । বিহুৰ গিনীজ ৰেকৰ্ড কৰা দৃশ্য চকীত বহি মোদীয়ে চালে ।

তেওঁ অসমত এইবছৰত আৰু ৫০ হাজাৰ চাকৰি দিম বুলি ভাষণত উল্লেখ কৰে । চাকৰি নথকা ঘৰৰ প্ৰাৰ্থীক ১০ নম্বৰ অতিৰিক্ত দিয়া হ'ব বুলিও কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৫০ হাজাৰ চাকৰিত ১৫ হাজাৰ সংৰক্ষিত থাকিব ছোৱালীৰ বাবে । গুৱাহাটী পাহাৰৰ মানুহৰ কাৰণে দুবছৰৰ ভিতৰত বসুন্ধৰা আনিব। পাহাৰৰ সকলো খিলঞ্জীয়াক মাটি ব্যৱস্থা কৰিব । তদুপৰি যাৰ ঘৰত অৰুণোদয় পোৱা নাই, সকলোকে অৰুণোদয় দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

মেট্ৰিক আৰু হায়াৰছেকেণ্ডাৰী উত্তীৰ্ণসকলৰ নামভৰ্তি বিনামূলীয়া হ'ব বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," মোৰ দিনত অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই । যোৱা ৩ বছৰত অসমত হত্যা, হিংসা, বন্ধ, পিকেটিং একোৱে নাই। " তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় য়ে কংগ্ৰেছৰ পঞ্চামৃত হৈছে ধূতী, লুঙী, আঠুৱা, কম্বল আৰু সূতা ।

লগতে পঢ়ক:নপঢ়া-নুশুনাকৈ ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কৈ থকা হৈছে: মুখ্যমন্ত্ৰী - Covishield Vaccine Side Effect

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.