ETV Bharat / politics

নপঢ়া-নুশুনাকৈ ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কৈ থকা হৈছে: মুখ্যমন্ত্ৰী - Covishield vaccine side effect

Himanta Biswa Sarma : ক’ভিশ্বিল্ড পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত নপঢ়া-নুশুনাকৈ মন্তব্য কৰি থকা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়েও ক’ভিশ্বিল্ড গ্ৰহণ কৰা বুলি কৈ একেই প্ৰতিষেধক লোৱাৰ পিচতো লাভলীনা বৰগোঁহাই, হিমা দাসে মেডেল লৈ আনিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Himanta Biswa Sarma
নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 4, 2024 at 5:42 PM IST

2 Min Read
Choose ETV Bharat
নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)

নলবাৰী, ৪ মে’ : ক’ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে সেই সন্দৰ্ভচ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নলবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমি সকলোৱে ক’ভিশ্বিল্ড লৈছোঁ ৷ আমাৰ কি সমস্যা হৈছে ? ক’ভিশ্বিল্ড লৈ লাভলীনা, হিমা দাসে অলিম্পিকত মেডেল জিকি আহিল ৷ নপঢ়া-নুশুনাকৈ মানুহে কৈ আছে ৷’’

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নলবাৰীৰ চামতাৰ বালিপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ তেৱোঁ হাতীৰ ছবিত ভোট দিব । লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰত ৰাইজৰ ব্যাপক উচাহ দেখি অসমৰ ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে ।

দিল্লীত ডিঙিত গামোচা লোৱা একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত আমাৰ লগত একেলগে বহি প্ৰধানমন্ত্ৰীয়ে বিহু চালে । কংগ্ৰেছে বঞ্চনা কৰা গোপীনাথ বৰদলৈক ভাৰতৰত্ন, অটল বিহাৰী বাজপেয়ী আৰু ভূপেন হাজৰিকাক ভাৰতৰত্ন দিলে মোদীয়ে ৷’’

তদুপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘মোৰ এই তিনিবছৰীয়া কাৰ্যকালত ক’তো আন্দোলন নাই ৷ ক’তো গুলী ফুটা নাই । মোৰ কাৰ্যকালত এক টকাও ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়া হৈছে আৰু এইবাৰ চৰকাৰী চাকৰি নথকা পৰিয়ালত এটা চাকৰি দিয়াৰ বাবে দহ নম্বৰ বেছিকৈ দিয়া হ’ব ৷’’

চাকৰি নোপোৱা ল’ৰাক ক্ষুদ্ৰ ব্যৱসায় কৰাৰ বাবে দুই লাখ টকাৰ ঋণ দিয়া হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছে ধূতি, লুঙী, সূতা, কম্বল আৰু আঠুৱা ৰাজনীতি কৰিছিল বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । কলেজত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীক ১০ হাজাৰ, স্নাতকৰ ছাত্ৰীক ১২,৫০০ টকা আৰু স্নাতকোত্তৰ পঢ়া ছাত্ৰীক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব ।

অসমখন ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ’ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই । ‘ পেহলে ভোটদান, বাদ মে জলপান’ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দাবী আপৰ