বান সহায্যক লৈ কামপুৰৰ পটিয়াপামত উত্তপ্ত পৰিস্থিতি - ASSAM FLOOD 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
বান সহায্যক লৈ কামপুৰৰ পটিয়াপামত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 10:42 PM IST

1 Min Read
Choose ETV Bharat

কামপুৰ,৪ জুন: কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প ৪ টাকৈ গেট খুলি দিয়া লগতে খানদাঙৰ ৭ খন গেট খুলি দিয়াত বৰপানী আৰু কপিলী নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পায় । ফলত বঢ়মপুৰ সমষ্টিৰ ডবকা, কামপুৰ ৰাজহ অন্তৰ্গত প্ৰায় ১৬০ খন গাঁও বানৰ কৱলত পৰে । ওখ ঠাইত আশ্ৰয় লোৱা বানাক্ৰান্ত লোকসকলৰ বাবে অসম চৰকাৰে বান সাহায্য ঘোষণা কৰে । পিছে বান সহায্যক লৈ মঙলবাৰে কামপুৰৰ পটিয়াপামত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।  

বানাক্ৰান্তৰ নামত অহা টিৰ্পাল বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । ১৪৩ ঘৰৰ পৰিৱৰ্তে মাত্ৰ ৪৫ খন টিৰ্পাল অহাত বানাক্ৰান্ত লোকসকলে আৱদ্ধ কৰি ৰাখে ডবকা ৰাজহ চক্ৰৰ পটিয়া পাম লাটমণ্ডলক । ঘটনাস্থলীত ৰাজহ চক্ৰৰ অন্য বিষয়াসকল উপস্থিত হোৱাত পৰিস্থিতি কিছু পৰিমাণে শাম কাটে যদিও পুনৰ ১৪৩ খন টিৰ্পাল আনি সকলোকে বিতৰণ কৰাতহে ক্ষান্ত হয় ৰাইজ । 

লগতে পঢ়ক: বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত বৰ্তমানলৈ শিশুসহ ১৮ জনৰ মৃত্যু - ASSAM FLOOD 2024

বানত বিনষ্ট শ শ হেক্টৰ ভূমিৰ বৰোধান : চকুলো টুকিছে কৃষকে - ASSAM FLOOD 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details