ETV Bharat / health

হাতৰ সৌন্দৰ্য বৃদ্ধি কৰা নেইল পলিছে মাতিব পাৰে বিপদ ! - Nail Polish

Nail Polish: সৌন্দৰ্য বৃদ্ধি কৰা নেইল পলিছে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ ! এক গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে নেইল পলিছত থকা কেমিকেল আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক যি পিচলৈ কেন্সাৰৰ সৃষ্টি কৰিব পাৰে ৷

Nail polish may cause cancer: Study
হাতৰ সৌন্দৰ্য বৃদ্ধি কৰা নেইল পলিছে মাতিব পাৰে বিপদ! (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : June 4, 2024 at 6:19 PM IST

2 Min Read
Choose ETV Bharat

অধিকাংশ মহিলাই তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বিভিন্ন ৰঙৰ নেইল পলিছ ব্যৱহাৰ কৰে ৷ ‘নেইল আৰ্ট’ও এতিয়া ট্ৰেণ্ডিঙত আছে ৷ কিন্তু সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মহিলাসকলে ব্যৱহাৰ কৰা নেইল পলিছে মাতিব পাৰে ভয়ংকৰ বিপদ ৷ হয়, এক গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে, নেইল পলিছে নখ দুৰ্বল আৰু হালধীয়া কৰি তোলে ৷ ইয়াত থকা ফৰ্মেলডিহাইড, ডিবুটিল পথলেট আৰু টলুইনৰ দৰে উপাদান থাকে, যাৰ ফলত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে ৷ ইল পলিছত থকা এই ৰাসায়নিক পদাৰ্থসমূহৰ ভয়াৱহ দিশসমূহৰ বিষয়ে আজি জানো আহক-

টলুইন

টলুইন হৈছে নেইল পলিছত থকা এবিধ ৰাসায়নিক পদাৰ্থ ৷ এই ৰাসায়নিক পদাৰ্থই স্নায়ুতন্ত্ৰ আৰু মগজুক প্ৰভাৱিত কৰে ৷ ইয়াৰ ফলত মূৰৰ বিষ, দুৰ্বলতা, অলসতা, মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি ৰোগ হ'ব পাৰে ৷তদুপৰি, টলুইনে বৃক্ক, যকৃত আৰু প্ৰজনন বিকাৰ প্ৰভাৱিত কৰিব পাৰে ৷

ফৰ্মেলডিহাইড

এইটো এটা ৰংহীন ৰাসায়নিক পদাৰ্থ, যিয়ে নেইল পলিছ দীঘলীয়া সময়লৈকে নখত থকাত সহায় কৰে ৷ নেইল পলিছৰ সুগন্ধিৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয় ৷ ফৰ্মেলডিহাইডৰ ফলত নখত বা নথৰ কাষে-বাৰে জ্বলা-পোৰা হয় ৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যা, কৰ্কট ৰোগ আৰু অন্যান্য গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে ৷

ডিবুটিল পথলেট

নেইল পলিছৰ ৰং উজ্জ্বল কৰিবৰ বাবে এই ৰাসায়নিক পদাৰ্থটো ব্যৱহাৰ কৰা হয় ৷ এই ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ ফলত শ্বাসতন্ত্ৰ, যকৃত, বৃক্ক আৰু স্ত্ৰীৰোগজনিত ৰোগ হয় ৷

নেইল পলিছৰ পাৰ্শ্বক্ৰিয়াৰ পৰা কেনেকৈ বাচি থাকিব

  • পৰাপক্ষত নেইল পলিছ প্ৰয়োগ নকৰাটোয়েই ভাল ৷ দৰকাৰ হ’লে বিশেষ অনুষ্ঠানলৈ গ’লেহে নেইল পলিছ প্ৰয়োগ কৰিব ৷
  • নখবোৰ লেতেৰা বা হালধীয়া হ'লে লগে লগে পৰিস্কাৰ কৰিব আৰু কেইদিনমানলৈ নেইল পলিছ প্ৰয়োগ নকৰিব ৷
  • বজাৰত বহু প্ৰকাৰৰ নেইল পলিছ উপলব্ধ ৷ কিন্তু আপুনি উচ্চ মানদণ্ডৰ চাইহে নেইল পলিছ বাছনি কৰিব ৷

লগতে পঢ়ক: চেলুনলৈ নোযোৱাকৈ এই পদ্ধতিৰে ঘৰতেই কাৰ্ল কৰক চুলি - Curly hair