ETV Bharat / bharat

কৰ্কট ৰাশিৰ বিবাহৰ যোগ...তুলা ৰাশিয়ে শান্ত হৈ থকাৰ প্ৰয়োজন...আৰু কি কি আছে জানিবলৈ চাওক দিনটোৰ ৰাশিফল - Daily Horoscope For 5th June

Daily Horoscope For 5th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th June 2024
কৰ্কট ৰাশিৰ বিবাহৰ যোগ...তুলা ৰাশিয়ে শান্ত হৈ থকাৰ প্ৰয়োজন...আৰু কি কি আছে জানিবলৈ চাওক দিনটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2024 at 12:53 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজিৰ দিনটো নিজৰ কথা বেছিকৈ ভাবি থকাৰ সলনি আনৰ কথা ভাবক ৷ নিজৰ সাংসাৰিক দায়িত্ব পালন কৰাৰ সময়ত প্ৰত্যুৎপন্নমতি আৰু গঠনমূলক হওঁক ৷ আনৰ সৈতে বিনম্ৰ আচৰণ কৰক ৷ মতবিৰোধ আৰু বিতৰ্কৰ সৃষ্টি হ’বলৈ নিদিব ৷ সময়ত আজি ভোজন কৰাটো টান হ’ব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ সকলো প্ৰকাৰৰ আৰ্থিক বিষয়ত সজাগ থাকক ৷

বৃষ ৰাশি: আৰ্থিক বিষয়ক লৈ পৰিকল্পনা আৰু সূচী তৈয়াৰ কৰাৰ কাৰণে গোটেই দিনটো আপুনি আৰ্থিক দায়িত্ব আৰু দায়বদ্ধতাৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰিব ৷ আৰ্থিক লাভৰ ইংগিত আছে ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ শান্ত আৰু ধীৰ-স্থিৰ হৈ আজি আপুনি দিনটোৰ সকলো প্ৰত্যাহ্বানক সহজতে মোকাবিলা কৰিব পাৰিব ৷ বিলাসী দ্ৰব্য, পাৰফিউম, কচমেটিক আদি ক্ৰয় কৰিব আৰু আনন্দ-ফূৰ্তি তথা মনোৰঞ্জনৰ নামত ব্যয়ৰ যোগ আছে ৷ পৰিয়ালৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা কৰাৰ ফলত আপোনাৰ আনন্দ আৰু পৰিতৃপ্তি বৃদ্ধি পাব ৷

মিথুন ৰাশি: আপোনাৰ কথা আৰু কাম ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে ৷ সতৰ্ক থাকক ৷ নিজৰ আবেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি ৷ বিশেষকৈ আপোনাৰ চকুৱে আমনি দিব ৷ অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ’ব পাৰে ৷ আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব পাৰে ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু ফলদায়ক ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব ৷ আপুনি যদি অবিবাহিত, তেতিয়া হ’লে বিবাহৰ যোগ আছে ৷ আয়ৰ উৎস বৃদ্ধি পাব ৷ অপ্ৰত্যাশিত সৌভাগ্যলাভৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ আৰ্থিক পৰিকল্পনা আৰু ব্যৱস্থাপনা সফলভাৱে বাস্তৱায়িত হ’ব ৷ বাহিৰত ক’ৰবাত ফুৰিবলৈ যাব পাৰে বা সুখকৰ ভ্ৰমণতো যাব পাৰে ৷

সিংহ ৰাশি: কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু মৰ্যাদা বৃদ্ধি পাব ৷ আপোনাৰ যোগ্যতা আৰু বুদ্ধিমত্তাৰ দ্বাৰা স্বীকৃতি লাভ কৰাৰ লগতে পুৰস্কৃত হ’ব ৷ আপুনি অত্যন্ত আত্মবিশ্বাসৰ সৈতে নিজৰ কামবোৰক চম্ভালি ল’ব পাৰিব আৰু সেইবোৰ সম্পন্ন কৰিব পাৰিব ৷ পিতৃৰ পৰা বিশেষ উপকৃত হ’ব ৷ বিভিন্ন ফালৰপৰা লাভ আৰু সুযোগ-সুবিধা আহি থাকিব ৷ মাটি-সম্পত্তি আদি ক্ৰয় কৰিবৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷

কন্যা ৰাশি: আজি আপুনি হতাশা আৰু বিষণ্ণতাৰ চিকাৰ হ’ব পাৰে ৷ সাজু থাকক ৷ আজি আপোনাৰ মনক দুশ্চিন্তা আৰু উদ্বেগে আগুৰি ৰাখিব ৷ আজি আপুনি অস্থিৰ অনুভৱ কৰিব, বিধ্বস্ত লাগিব নিজক, কামৰ প্ৰতি আগ্ৰহ নাথাকিব ৷ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা কোনো সহাঁৰি নাপাব, তেওঁলোকৰ পৰা কোনো সাহায্যও নাপাব ৷ প্ৰচণ্ড প্ৰতিযোগিতা আৰু শত্ৰুতাৰ ইংগিত আছে ৷ সাৱধানে থাকক ৷

তুলা ৰাশি: আজি কোনোবাৰ সৈতে তৰ্কত লিপ্ত হ’ব পাৰে ৷ গতিকে সাৱধানে থাকক ৷ ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বিনম্ৰ হৈ থাকক আৰু মানুহৰ সৈতে ভাল আচৰণ কৰক ৷ শত্ৰুসকলৰ পৰা সাৱধান ৷ স্বাস্থ্যৰ সৈতে যি ইচ্ছা তাকেই নকৰিব ৷ অপ্ৰত্যাশিত লাভৰ তীব্ৰ যোগ আছে ৷ গুপ্তবিদ্যা বা ৰহস্যবিদ্যাৰ সৈতে যুক্ত হ’ব পাৰে ৷ ধ্যান কৰিলে শান্তি পাব ৷

বৃশ্চিক ৰাশি: আজি নিজৰ সকলো ৰক্ষণশীলতা পৰিত্যাগ কৰি আগুৱাই যাওঁক ৷ নিত্য নৈমিত্তিক কামবোৰ এক-দুই দিনৰ বাবে পাহৰি গৈ আনন্দ-ফূৰ্তি কৰক ৷ সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰক, কোনো সংগ্ৰহালয়ত যাওক বা কোনো বন্ধুৰ সৈতে কথা পাতক ৷ লঘু সংগীত শুনিবলৈ নাপাহৰিব ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল ৷ ঘৰুৱা পৰিৱেশ অত্যন্ত উজ্জ্বল আৰু উৎসাহজনক ৷ আজি গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ অফিচত কাম কৰি প্ৰচুৰ তৃপ্তি পাব ৷ প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলে আজি আপোনাৰ ওচৰত হাৰ মানিব ৷

মকৰ ৰাশি: আজি আপুনি দুশ্চিন্তাত থাকিব আৰু ক্লান্তি অনুভৱ কৰিব ৷ আজি গোটেই দিনটো আপোনাৰ মন বেয়া হৈ থাকিব, বিষণ্ণ হৈ থাকিব ৷ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট নহ’বও পাৰে ৷ সন্তানৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়াব পাৰে ৷

কুম্ভ ৰাশি: নিজৰ আঁকোৰগোজ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ অত্যধিক আৱেগিক হোৱাটোৱে আপোনাক অসুস্থ কৰিব পাৰে ৷ মাতৃৰ দ্বাৰা লাভৱান আৰু উপকৃত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷ আজি কোনো আৰ্থিক পৰিকল্পনা গ্ৰহণ কৰিলে সেয়া সফল হ’বই ৷

মীন ৰাশি: সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল ৷ আপোনাৰ মনত আজি বহুত চিন্তা-ভাৱনা আহিব ৷ আপুনি কৰ্মত উৎকৰ্ষ সাধন কৰিব পাৰিব আৰু আপোনাৰ মানসিক স্থিৰতাৰ লগতে আত্মবিশ্বাসে আপোনাক অধিক উৎকৰ্ষ প্ৰদান কৰিব ৷ স্বামীয়ে স্ত্ৰীৰ পৰা বা স্ত্ৰীয়ে স্বামীৰ পৰা সহযোগিতা পাই নিজে ধন্য মানিব ৷ স্বামী-স্ত্ৰী দুয়োজনে একেলগে কোনো পৰ্যটন স্থলত ফুৰিবলৈ যাব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত থকা সু-সম্পৰ্কই আৰু অধিক উজলি উঠিব ৷ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক উন্নত হ’ব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope