ETV Bharat / health

হিট ষ্ট্ৰোকৰ এইসমূহ লক্ষণ দেখিলে ততালিকে কাষ চাপক চিকিৎসকৰ - Heat Stroke

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:00 AM IST

Symptoms Of Heat Stroke: অত্যাধিক গৰমে জ্বলা-কলা দেখুৱাইছে জনসাধাৰণক ৷ প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ ফলত আপোনালোকৰ শৰীৰতো যদি এইসমূহ যদি লক্ষণে দেখা দিছে, তেন্তে ততালিকে কাষ চাপক চিকিৎসকৰ ৷

Symptoms Of Heat Stroke
হিট ষ্ট্ৰোকৰ এইসমূহ লক্ষণ দেখিলে ততালিকে চিকিৎসকৰ কাষ চাপক (Etv Bharat Assam)

বিশেষ প্ৰতিবেদন, 27 মে’ : সমগ্ৰ দেশজুৰি জনসাধাৰণে হিটৱেভৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত তাপ-সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে । সম্প্ৰতি গৰমৰ সংস্পৰ্শলৈ আহিলে লোকসকলে ডিহাইড্ৰেশ্যনৰ সমস্যাত ভোগাৰ লগতে অচেতন হ'ব পাৰে । ইয়াৰ বাহিৰেও গ্ৰীষ্মকালত হিট ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি হয় ।

হিট ষ্ট্ৰোকৰ লক্ষণ

যেতিয়া হিট ষ্ট্ৰোক হয়, শৰীৰৰ তাপমাত্ৰা 103 ৰ পৰা 104 ফাৰেনহাইটলৈ বৃদ্ধি হয় । ইয়াক সাধাৰণতে থাৰ্ম’মিটাৰেৰে পৰীক্ষা কৰিব পাৰি । হিট ষ্ট্ৰোকৰ ফলত ৰোগীয়ে সঠিকভাৱে কথা ক'ব নোৱাৰে আৰু তেওঁৰ জিভা লৰচৰ হ’বলৈ আৰম্ভ কৰে । হিট ষ্ট্ৰোকৰ ফলত আপোনাৰ বমি অহাৰ দৰে অনুভৱ হ'ব পাৰে ৷

যেতিয়া আপোনাৰ হিট ষ্ট্ৰোক হয়, আপোনাৰ ছাল ৰঙা হৈ যায় আৰু আপোনাৰ উশাহ দ্ৰুতগতিত চলাচল কৰে । হিট ষ্ট্ৰোকৰ ফলত মূৰৰ বিষ হয় লগতে, আপোনাৰ পেশী দুৰ্বল অনুভৱ কৰিব পাৰে । যেতিয়া হিটৱেভ হয় তেতিয়া সচৰাচৰ ৰক্তচাপ হ্ৰাস হোৱাটো দেখা যায় ৷

হিট ষ্ট্ৰোক হোৱাৰ দুটা কাৰণ আছে -

প্ৰথমটো হ’ল দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ সংস্পৰ্শলৈ অহা আৰু দ্বিতীয়টো হৈছে গৰমত কঠোৰ পৰিশ্ৰম কৰা ৷ হিট ষ্ট্ৰোকৰ ফলত শৰীৰৰ উষ্ণতা বৃদ্ধি হয় । বৃদ্ধ লোকসকল হিট ষ্ট্ৰোকৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় । গৰমত কঠোৰ পৰিশ্ৰম থকা লোকসকলে অত্যধিক হিট ষ্ট্ৰোকৰ হোৱাৰ সম্ভাৱনা আছে ।

হিটৱেভ পৰা কেনেদৰে পৰিহাৰ কৰিব ?

যেতিয়া তাপমাত্ৰা বেছি হয়, তেতিয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ ভিতৰত থাকিব বা ঠাণ্ডা থকা ঠাইলৈ যাব । যদি যিকোনো কামৰ বাবে গৰমত বাহিৰলৈ যোৱাৰ প্ৰয়োজন হয়, তেনেহ'লে কিছু সাৱধানতা অৱলম্বন কৰক ৷ বাহিৰলৈ যোৱাৰ পূৰ্বে পাতল ৰঙৰ কাপোৰ পিন্ধিব ৷ আপুনি পিন্ধা পোছাক ঢিলা আৰু পৰ্যাপ্ত বায়ু সোমাব পাৰে ৷ বাহিৰলৈ যাওঁতে ছাতি লৈ যাব ।

নিজকে হাইড্ৰেটেড কৰি ৰাখিব

গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিব আৰু পানী বা অ’ আৰ এছ ৰ দৰে পানীয় সেৱন কৰক ৷ অত্যাধিক তাপে আপোনাৰ ইলেক্ট্ৰলাইটবোৰ হ্ৰাস কৰি ডিহাইড্ৰেশ্যন আৰু হিটষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে । কেফেইন আৰু সুৰা পৰিহাৰ কৰক ৷

চিকিৎসকৰ পৰামৰ্শ ল'ব

হিটষ্ট্ৰোকৰ লক্ষণ চিনাক্ত কৰাৰ পিচতেই শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক । ৰোগীজনক পৰ্যাপ্ত বায়ুৰ সংস্পৰ্শলৈ আনক ৷ পানী বা তিতা কাপোৰ ব্যৱহাৰ কৰিব । সেমেকা এখন কাপোৰৰে ডিঙি, কঁকাল, কাষলতি আৰু পিঠিত মচি দিব । বৃদ্ধ, ৰোগী, শিশু বা দীৰ্ঘম্যাদী ৰোগত ভূগি থকা লোকে ঠাণ্ডা পানী বা বৰফ ব্যৱহাৰ নকৰিব ৷

লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহৰ মাজতো অসমৰ কোন ঠাইত পাব শীতৰ আমেজ - HEATWAVE IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.