গ্ৰীষ্মপ্ৰবাহৰ মাজতো অসমৰ কোন ঠাইত পাব শীতৰ আমেজ - HEATWAVE IN ASSAM

By ETV Bharat Assamese Team

Published : May 25, 2024, 4:09 PM IST

thumbnail
গ্ৰীষ্মপ্ৰবাহে দহিছে ৰাজ্য (ETV BHARAT ASSAM)

তিনিচুকীয়া, ২৫ মে’: গ্ৰীষ্মপ্ৰবাহে দহিছে ৰাজ্য । প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে  ৷ কি উজনি, কি নামনি, সকলোতে এতিয়া যেন নামি আহিছে অগ্নিপিণ্ড । গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে লৈছে ভিন্ন পন্থা ৷ কোনোৱে যদি শীত-তাপ নিয়ন্ত্ৰিত কোঠাত জিৰণি লৈছে,আন কোনোবাই আকৌ এছাটি মলয়া বতাহৰ বাবে গছৰ ছাঁত ক্ষন্তেক ৰৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে তিনিচুকীয়া জিলাতো উত্তাপে দহিছে জনগনক । পূৰ্বতে জিলাখনত উষ্ণতা ইমান বৃদ্ধি হোৱা নাছিল যদিও শেহতীয়াকৈ তিনিচুকীয়াতো উষ্ণতা ৪০ ডিগ্ৰীৰ ওচৰ চাপিছেগৈ ।  

এই অতিপাত গৰমৰ মাজতেই তিনিচুকীয়া চহৰৰ কাষৰীয়া এটা পথত ৰৈ যায় পথচাৰীসকল ৷ কিয়নো এই পথছোৱাত নপৰে গৰমৰ কোনো প্ৰভাৱ ৷ চহৰৰ পৰা মাত্ৰ ২-৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভেৰজান বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজভাগত ইমান গৰমৰ মাজতো বলি আছে মলয়া বতাহ । চহৰৰ পৰা ধেলাখাট, বাৰেকুৰিলৈ যোৱা পথছোৱা ভেৰজান বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ গৈছে । এই পথটোৰে গ'লেই অনুভৱ হয় প্ৰকৃতিৰ এক বিনন্দীয়া পৰিবেশৰ মাজত দেহা শাত পৰি যোৱা এছাটি বতাহৰ মৃদু কম্পন ৷ এই ঠাইখিনিয়েই এতিয়া জনতাৰ বাবে শীততাপ নিয়ন্ত্ৰিত কোঠা সদৃশ হৈ পৰিছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.