ETV Bharat / state

গৰমৰ বাবে ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 12:34 PM IST

Updated : May 25, 2024, 12:47 PM IST

School Time Changes in Assam : অগ্নিকুণ্ডৰ উত্তাপৰ দৰে তীব্ৰ গৰমে দহিছে ৰাজ্য । প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । বিশেষকৈ শিক্ষাৰ্থীসকল গৰমৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এই গ্ৰীষ্মপ্ৰবাহৰ বাবে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আগবঢ়াইছে ।

School Time Changes in Assam
বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা (ETV Bharat Assam)

গুৱাহাটী, ২৫ মে’: ভয়াৱহ গ্রীষ্মপ্রবাহে দহিছে ৰাজ্যবাসীক । জলবায়ু পৰিৱৰ্তনৰ বিষম পৰিণতিতে সম্প্রতি প্রচণ্ড গৰমে বিপর্যস্ত কৰিছে জনজীৱন । শুকুৰবাৰৰ দিনটোত গুৱাহাটীত বছৰটোৰ সর্বাধিক তাপমাত্রা ৰেকৰ্ড কৰা হয় । এই দিনটোত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪০ ডিগ্রী চেলচিয়াছ ।

এই তীব্ৰ গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰতো কাৰ্যকৰী হ'ব । শিক্ষা বিভাগৰ নিৰ্দেশনাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলি কৰা হৈছে ।

নিৰ্দেশনা অনুসৰি, ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ পৰা ১২ বজালৈ চলিব । আনহাতে, মাধ্যমিক পৰ্যায়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ চলিব ।

School Time Changes in Assam
শিক্ষা বিভাগৰ নিৰ্দেশনা (ETV Bharat Assam)

লগতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হ'ব । ২৭ মে' অৰ্থাৎ অহা সোমবাৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব । উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো এই নিৰ্দেশনা কাৰ্যকৰী হ'ব ।

তদুপৰি, বিদ্যালয়বোৰত শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা এলেকাত পুৱাৰ সমাবেশ অনুষ্ঠিত কৰিব লাগিব । শ্ৰেণীকোঠাত থকা বৈদ্যুতিক ফেনবোৰ চলাই ৰাখিব লাগিব । আনহাতে, ত্ৰুটিপূৰ্ণ ফেনবোৰ মেৰামতি বা সলনি কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

ইয়াৰ উপৰি বৰ্তমানৰ গ্ৰীষ্মপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলক ব্লেজাৰ, ৱেষ্ট কোট আৰু টাই পৰিধান নকৰিবলৈও নিৰ্দেশ দিয়া হ'ব পাৰে । লগতে যদি শিক্ষাৰ্থীসকলে জোতা পিন্ধিবলৈ অস্বস্তি অনুভৱ কৰে, তেন্তে তেওঁলোকক চেণ্ডেল পিন্ধিবলৈ অনুমতি দিব লাগিব ।

আনহাতে, যদি শিক্ষাৰ্থীসকলৰ মাজত কোনো অস্থিৰতা দেখা যায়, ততালিকে অভিভাৱকসকলক অৱগত কৰিব লাগিব আৰু চিকিৎসা সহায়ৰ বাবে নিকটৱৰ্তী চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব ।

লগতে পঢ়ক :উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

লগতে পঢ়ক :উৰ্ধমুখী পাৰাস্তম্ভ : ৰ’দ নহয় যেন জুইহে বৰষিছে ! - HEAT WAVE GRIPS Assam

Last Updated : May 25, 2024, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.