ETV Bharat / state

উৰ্ধমুখী পাৰাস্তম্ভ : ৰ’দ নহয় যেন জুইহে বৰষিছে ! - HEAT WAVE GRIPS Assam

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 5:42 PM IST

Guwahati Weather : উৎকট গৰমে দহিছে ৰাজ্য ৷ মহানগৰীত পাৰাস্তম্ভই চুইছেগৈ 40 ডিগ্ৰী চেলছিয়াচ ৷ ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুজনে আশ্ৰয় লৈছে গছৰ তল, শীতল পানীয়ৰ ৷

Guwahati Weather
ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা (ETV BHARAT ASSAM)

গুৱাহাটী, 24 মে’ : মে’ মাহৰ মাজভাগৰ পৰা উৎকট গৰমে দহিছে ৰাজ্য ৷ দৈনিক উৰ্ধমুখী হৈছে পাৰাস্তম্ভ ৷ বাহিৰত যেন এতিয়া ৰ’দ নহয়, জুইহে বৰষিছে ! শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা প্ৰখৰ ৰ'দ তথা উৎকট গৰমে দহিছে ৰাজ্য ৷ মহানগৰীৰ পাৰাস্তম্ভ 38 ডিগ্ৰীৰ পৰা পালেগৈ 40 ডিগ্ৰী চেলছিয়াচ ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহুজনে আশ্ৰয় লৈছে গছৰ তল, শীতল পানীয়, ফলৰ ৰসৰ ৷ শীতল পানীয়ৰ দোকানী সকলৰ কাষত বহুজনে ভিৰ কৰিছে যদিও ব্যৱসায়ীসকলৰ মতে আজিৰ দিনটোত পূৰ্বৰ তুলনাতকৈ সেৰেঙা গ্ৰাহক ৷

দৈনিক উৰ্ধমুখী হৈছে পাৰাস্তম্ভ (ETV BHARAT ASSAM)

ইফালে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গা জুৰ পেলাবলৈ কৰোবাৰ হাতত যদি ডাব নাৰিকল, কোনোবাই আকৌ খাইছে নেমু পানী, কুঁহিয়াৰৰ ৰস ৷ গৰমৰ প্ৰকোপৰ বাবে এতিয়া বিপৰ্যস্ত হোৱাৰ উপক্ৰম হৈছে মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰাও ৷ গাড়ী মটৰ, যানবাহনতো যাত্ৰীৰ ভিৰ সেৰেঙা ৷ গৰমৰ প্ৰকোপ তথা প্ৰখৰ ৰ'দৰ বাবে এতিয়া ঘৰৰ পৰা ওলাবলৈ বহুবাৰ চিন্তা কৰিবলগীয়া হৈছে ৰাইজে ৷ গৰমৰ এই মাত্ৰা যদিহে অব্যাহত থাকে তেন্তে স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পৰাটো এতিয়া নিশ্চিত হৈ পৰিছে ৷

আনহাতে বহুতৰে মতে মহানগৰীৰ এই ঊৰ্ধমুখী পাৰাস্তম্ভৰ বাবে দায়ী মহানগৰবাসী ৷ মহানগৰীত জধে মধে গছ কটাৰ বাবে বৃদ্ধি পাইছে উষ্ণতা ৷ সমান্তৰালভাৱে মহানগৰীৰ ভিন্ন প্ৰান্তত চলি থকা নিৰ্মাণ কাৰ্যৰ সমান্তৰালভাৱে উৰণীয়া সেতু, ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সমূহৰ বাবেই কাটিবলগীয়া হৈছিল সহস্ৰাধিক গছ ৷ যাৰ বাবে এতিয়া মে' মাহতে এনে অৱস্থাত ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷

লগতে পঢ়ক : উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.