ETV Bharat / entertainment

ৰাজকুমাৰ সন্তোষীৰ লাহোৰ ১৯৪৭ ৰে পুনৰ বলীউডলৈ প্ৰীতি জিণ্টা - Preity Zinta instagram

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 12:16 PM IST

ৰূপালী পৰ্দাত নিজৰ চমক দিবলৈ সাজু হৈছে মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টা ৷ ছানী দেউল অভিনীত লাহোৰ ১৯৪৭ ছবিখনৰ জৰিয়তে ছিলভাৰ স্ক্ৰীণলৈ পুনৰ উভতি আহিবলৈ সাজু হৈছে প্ৰীতি জিন্টা । ছবিখনৰ নেতৃত্বত আছে ৰাজকুমাৰ সন্তোষী ।

Preity Zinta Makes Bollywood Comeback in Rajkumar Santoshi's Lahore 1947; Shares BTS Images from Set
পুনৰ বলীউডলৈ প্ৰীতি জিণ্টা

চিটাৰা ডেস্ক, 24 এপ্ৰিল : প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাৰে নিৰ্মিত আগন্তুক ছবি লাহোৰ ১৯৪৭ ৰে ছানী দেউলৰ সৈতে বলীউডলৈ উভতি আহিছে অভিনেত্ৰী প্ৰীতি জিন্টা । এক দীঘলীয়া বিৰতিৰ পিচত ৰূপালী পৰ্দাত এক দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হোৱা অভিনেত্ৰীগৰাকীয়ে মঙলবাৰে নিশা ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক ছবিখনৰ এক আভাস প্ৰদান কৰে । বীৰ জাৰাৰ অভিনেত্ৰীগৰাকীয়ে বহু প্ৰত্যাশিত ছবি লাহোৰ ১৯৪৭ ত ছানী দেউলৰ বিপৰীতে অভিনয় কৰিবলৈ সাজু হৈছে ।

বুধবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত চেটৰ পৰা BTS ফটো শ্বেয়াৰ কৰি প্ৰীতিয়ে নিজৰ অনুৰাগীসকলক আচৰিত কৰি তোলে । ছবিখনৰ ক্লেপাৰ ব’ৰ্ডৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখে, “অন চেট ফৰ লাহোৰ ১৯৪৭ ।” লগতে তেওঁৰ পৰিচালক ৰাজকুমাৰ সন্তোষীৰ সৈতেও এখন চেলফি শ্বেয়াৰ কৰে । ইয়াৰ পূৰ্বে হিৰো: লাভ ষ্ট’ৰী অৱ এ স্পাই, ফাৰ্জ আৰু ভাইয়াজী ছুপাৰহিট আদি ছবিত সহযোগিতা কৰাৰ পিচত এই ছবিখনৰ বাবে পুনৰ একত্ৰিত হৈছে প্ৰীতি আৰু ছানী ।

বিগত অক্টোবৰ মাহত আমীৰ খানে উল্লেখ কৰিছিল যে তেওঁৰ বেনাৰত লাহোৰ ১৯৪৭ নিৰ্মাণ কৰা হ’ব । ছানী আৰু আমীৰৰ প্ৰডাকচনে সন্তোষী পৰিচালনাৰ বাবে প্ৰথমবাৰৰ বাবে সহযোগিতা কৰিছে । ইয়াৰ পূৰ্বে দুয়ো অভিনেতাই সন্তোষীৰ সৈতে পৃথক পৃথক প্ৰজেক্টত কাম কৰিছে ।

ছবিখনৰ বিষয়ে কওঁতে আমীৰে পূৰ্বে কৈছিল "মই আৰু এ কে পি (আমীৰ খান প্ৰডাকচন)ৰ সমগ্ৰ ক্ৰু আমাৰ পৰৱৰ্তী ছবিখনৰ কথা ঘোষণা কৰি অত্যন্ত আনন্দিত হৈছো, ছানী দেওলে অভিনয় কৰা আৰু ৰাজ কুমাৰ সন্তোষীয়ে পৰিচালনা কৰা ছবিখনৰ শিৰোনাম লাহোৰ ১৯৪৭ । অবিশ্বাস্যভাৱে প্ৰতিভাৱান ছানী আৰু মোৰ প্ৰিয় পৰিচালক ৰাজ সন্তোষীৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত হৈছো । আমাৰ যাত্ৰাটোৱে যথেষ্ট সমৃদ্ধ হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে"৷

ছবিখন, ইয়াৰ অভিনেতা-অভিনেত্ৰী আৰু প্ৰডাকচনৰ বাবে এ আৰ ৰহমান আৰু জাভেদ আখতাৰৰ সৈতে কাম কৰিবলৈ পোৱাত আনন্দ প্ৰকাশ কৰি ছবিখনক তেওঁৰ ‘সপোনৰ দল’ বুলি অভিহিত কৰে নিৰ্মাতাই । যোৱা বছৰ গাদাৰ ২ ৰ জৰিয়তে ডাঙৰ পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰা ছানীৰ সৈতে অভিনেত্ৰী শ্বাবানা আজমীকো দেখিবলৈ পোৱা যাব, যিয়ে ছবিখনত মূল ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : 3 একৰ ভূমিত 7 মাহত 700 শ্ৰমিকে প্ৰস্তুত কৰিছিল হীৰামাণ্ডীৰ ৰাজকীয় ছেট - Heeramandi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.