ETV Bharat / entertainment

3 একৰ ভূমিত 7 মাহত 700 শ্ৰমিকে প্ৰস্তুত কৰিছিল হীৰামাণ্ডীৰ ৰাজকীয় ছেট - heeramandi

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 4:43 PM IST

Heeramandi: সঞ্জয় লীলা ভাঞ্চালীৰ কেৰিয়াৰৰ সৰ্ববৃহৎ হীৰামাণ্ডীৰ চলচ্চিত্ৰ ছেটটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ 3 একৰ ভূমিত বিয়পি থকা এই ছেটটো কেনেকৈ প্ৰস্তুত কৰা হৈছিল জানেনে ?

heeramandi it took 700 craftsmen 7 months to create sanjay leela bhansali biggest set ever spanning three acres
7 মাহত, 700 গৰাকী শ্ৰমিকে 'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট প্ৰস্তুত কৰিছিল, 3 একৰ ভূমিত বিয়পি থকা এইটো সৰ্ববৃহৎ ছেট

চিটাৰা ডেস্ক, 23 এপ্ৰিল : সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে বলীউডৰ প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডীয়ে ৷ ছিৰিজটোৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতেই অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছে ৷ ইয়াৰ সমান্তৰালকে ছিৰিজিটোত দেখুওৱা ৰাজকীয় ছেটটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট
'হীৰামাণ্ডী'ৰ ৰাজকীয় ছেট

উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালী ৰজকীয়ে ছেটৰ বাবে জনাজাত ৷ দেৱদাস ছবিখনৰ পৰা গংগুবাই কাঠিয়াৱাড়ী চলচ্চিত্ৰত পৰিচালকগৰাকীয়ে দেখুওৱা ৰাজকীয় ছেটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷

'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট
'হীৰামাণ্ডী'ৰ ৰাজকীয় ছেট

এইবাৰ পুনৰ চৰ্চা লাভ কৰিছে পৰিচালকগৰাকীৰ 'হীৰামাণ্ডী-দ্য ডায়মণ্ড বজাৰ'ৰ ছিৰিজৰ ছেটে ৷ এই ছিৰিজখনৰ গীত আৰু ট্ৰেইলাৰ চোৱাৰ পিচত স্পষ্টকৈ ওলাই পৰিছে যে, পৰিচালকগৰাকীয়ে পুনৰ তেওঁৰ ৰাজকীয় ছেটক পুনৰাবৃত্তি কৰিছে । জানিব পৰা অনুসৰি, হিৰামাণ্ডীৰ মুক্তিৰ পূৰ্বে পৰিচালকগৰাকীয়ে এই ছবিখনৰ ছেটটো প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে ৷

'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট
'হীৰামাণ্ডী'ৰ ৰাজকীয় ছেট

এক সাক্ষাৎকাৰত, সঞ্জয় লীলা ভাঞ্চালীয়ে ছবিখনৰ ছেটৰ বিষয়ে সোধা প্ৰশ্নত মুকলিকৈ কয় যে, তেওঁৰ কেৰিয়াৰত এইটো সৰ্ববৃহৎ ছেট ৷ হীৰামাণ্ডীৰ ছেটটো 3 একৰজোৰা ভূমিত নিৰ্মাণ কৰা হৈছে ৷ 60 হাজাৰতকৈও অধিক কাঠৰ তক্তাৰে তৈয়াৰ কৰা হৈছিল এই ছেটটো ৷ 700 গৰাকী শ্ৰমিকে প্ৰায় 7 মাহ সময় ধৰি কাম কৰি এই ছেটটো নিৰ্মাণ কৰিছিল ৷

'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট
'হীৰামাণ্ডী'ৰ ৰাজকীয় ছেট

আপুনি যদি এতিয়াও এই ছিৰিজটোৰ ট্ৰেইলাৰ দেখা নাই, তেন্তে নিশ্চিতভাৱে এবাৰ চাওক । এই ৰাজকীয় ছেটটোত অন্তৰ্ভুক্ত আছে কোঠা, বগা মছজিদ, প্ৰশস্ত চোতাল, নৃত্য কৰিডৰ, পানীৰ ফোৱাৰা, ৰজা-মহাৰজাৰ সময়ৰ দৰে দেখা কোঠা, পথ, দোকান আৰু সৰু পতিতালয় আৰু ইয়াত এটা হাম্মাম কোঠাও অন্তৰ্ভুক্ত আছে ৷

হীৰামাণ্ডী নিৰ্মাণ কৰিবলৈ 18 বছৰ লাগিছিল

এই সাক্ষাৎকাৰত সঞ্জয় লীলা ভাঞ্চালীয়েও এক আচৰিত কথা প্ৰকাশ কৰিছে । পৰিচালকগৰাকীয়ে কৈছিল যে, হীৰামাণ্ডী তেওঁৰ মনত যোৱা 18 বছৰ ধৰি চলি আছে ৷ এয়া তেওঁৰ সপোনৰ প্ৰকল্প ৷

'হিৰামাণ্ডী'ৰ ৰাজকীয় ছেট
'হীৰামাণ্ডী'ৰ ৰাজকীয় ছেট

ছিৰিজটোৰ কাহিনীৰ বিষয়ে ক'বলৈ গ'লে, ই ব্ৰিটিছ যুগত ভাৰতৰ লাহোৰত থকা তাৱাইফসকলৰ ওপৰত আধাৰিত এখন ছিৰিজ ৷ এই ছিৰিজটোত অভিনয় কৰিছে শেখৰ সুমন, অধ্যায়ন সুমন, ফৰদীন খান, শৰ্মিন শ্বেহগল, মনীষা কৈৰালা, সোনাক্ষী সিনহা, ৰিচা চাদ্দা, অদিতি ৰাও হায়দাৰী আৰু সঞ্জীদা শ্বেখে । হীৰামাণ্ডী অহা 1 মে'ত নেটফ্লিক্সত প্ৰদৰ্শিত হ'ব ।

লগতে পঢ়ক: বগা কুৰ্তা আৰু কানত ঝুমকা, হীৰামণ্ডীৰ প্ৰচাৰৰ ফটো শ্বেয়াৰ কৰিলে মনিষা কৈৰালাই - Manisha Koirala

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.