ETV Bharat / entertainment

বগা কুৰ্তা আৰু কানত ঝুমকা, হীৰামণ্ডীৰ প্ৰচাৰৰ ফটো শ্বেয়াৰ কৰিলে মনিষা কৈৰালাই - Manisha Koirala

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 4:36 PM IST

Manisha Koirala shared pictures
বগা কুৰ্তা আৰু কানত ঝুমকা, হীৰামণ্ডীৰ প্ৰচাৰৰ ফটো শ্বেয়াৰ কৰিলে মনিষা কৈৰালাই

MANISHA KOIRALA : আগন্তুক ৱেব ছিৰিজ হীৰামণ্ডীৰ প্ৰচাৰত ব্যস্ত বলীউডৰ প্ৰবীন অভিনেত্ৰী মনীষা কৈৰালা ৷ শেহতীয়াকৈ মনীষাই অফ হোৱাইট কুৰ্তা আৰু ঝুমকাৰে প্ৰচাৰৰ সময়ৰ সুন্দৰ আলোকচিত্ৰ সামাজিক মাধ্যমত পোষ্ট কৰিছে ৷

চিটাৰা ডেস্ক, 21 এপ্ৰিল : বিৰতিৰ পিচত পুনৰ লাইমলাইটত মোহময়ী অভিনেত্ৰী মনীষা কৈৰালা ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকী তেওঁৰ আহিবলগীয়া ছিৰিজ হীৰামণ্ডীত ব্যস্ত হৈ পৰিছে ৷ দেওবাৰে অভিনেত্ৰীগৰাকীক ছিৰিজখনৰ এক প্ৰচাৰ অনুষ্ঠানত দেখা গৈছিল ৷

সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত এই ছিৰিজখনত 1940 দশকৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অশান্ত পটভূমিৰ লগতে সেই সময়ৰ পতিতা আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ কাহিনী প্ৰকাশ কৰা হৈছে । এই ছিৰিজটো ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত লাহোৰৰ হীৰা মণ্ডীৰ ৰেড-লাইট অঞ্চলৰ তাৱাইফসকলৰ জীৱনৰ বিষয়ে নিৰ্মাণ কৰা হৈছে । মনীষা কৈৰালাক ছিৰিজটোত মল্লিকাজানৰ চৰিত্ৰত দেখা যাব ।

মনীষাই "বোম্বে", "গুপ্ত" আৰু "১৯৪২: এ লাভ ষ্টৰী"ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ ৱেব ছিৰিজৰ প্ৰচাৰৰ ফটো শ্বেয়াৰ কৰাৰ পিচতেই অনুৰাগীসকলে মৰমেৰে উপচাই দিছে ৷

ফটোসমূহত, মনীষাই অফ-হোৱাইট কুৰ্তা পৰিধান কৰি আছে , কুৰ্তাৰ লগত পিন্ধিছিল সোণালী ৰঙৰ এম্ব্ৰইডাৰীৰে সজোৱা এটা প্লাজো । তেওঁ কাপোৰজোৰৰ লগত মিলা ছুৰ্ণী আৰু এযোৰ জুট্টীৰে তেওঁৰ লুকছটো সম্পূৰ্ণ কৰিছিল ৷ অভিনেত্ৰীগৰাকীয়ে লাইট মেকআপ কৰিছিল ।

তেওঁৰ চুলিখিনি খোলা ৰখা হৈছিল ৷ এই ছিৰিজটোত ৰিচা চড্ডা, সোণাক্ষী সিনহা, অদিতি ৰাও হায়দৰী, শৰ্মিন শ্বেহগল আৰু সঞ্জীদা শ্বেখেও অভিনয় কৰিছে। অহা 1 মে’ত নেটফ্লিক্সত "হীৰামাণ্ডী" ছিৰিজটোৰ প্ৰিমীয়াৰ মুক্তি লাভ কৰিব ৷

ছিৰিজটো প্ৰথম আঠটা খণ্ডৰে আত্মপ্ৰকাশ কৰিব ৷ 2022 বৰ্ষৰ জুনত এই ছিৰিজটোৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হৈছিল ৷ চলিত বৰ্ষৰ 8 মাৰ্চত ছিৰিজটোৰ সকাল বন নামৰ গীতটো মুক্তি দিয়া হৈছিল ৷ গীতটোত কণ্ঠদান কৰিছিল ৰাজা হাছানে ৷

লগতে পঢ়ক: মাতৃৰ হৈ প্ৰচাৰ চলাবলৈ মথুৰাত উপস্থিত ঈশা-আহানা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.