ETV Bharat / entertainment

মাতৃৰ হৈ প্ৰচাৰ চলাবলৈ মথুৰাত উপস্থিত ঈশা-আহানা - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 1:18 PM IST

Isha-Ahana Deol : বিজেপিৰ হৈ তৃতীয়বাৰৰ বাবে মথুৰা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ড্ৰীম গাৰ্লখ্য়াত হেমা মালিনীয়ে ৷ মাতৃৰ জয়ৰ বাবে জীয়াৰী ঈশা আৰু আহানাই মথুৰাত উপস্থিত হৈ বাংকে বিহাৰীৰ চৰণত আশীষ গ্ৰহণ কৰে ৷

LOK SABHA ELECTION 2024
মাতৃৰ হৈ প্ৰচাৰ চলাবলৈ মথুৰাত উপস্থিত ঈষা আৰু আহানা

চিটাৰা ডেস্ক, 21 এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী হেমা মালিনীৰ কন্যা ঈশা আৰু আহানা দেউল শনিবাৰে মথুৰাত উপস্থিত হয় ৷ দুয়োগৰাকীয়ে মাতৃৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি স্থানীয় লোকসকলক সাক্ষাৎ কৰি এই লোকসভা নিৰ্বাচনত মাতৃক সমৰ্থন কৰিবলৈ সকলোলৈ আহ্বান জনায় ৷

ঈশা আৰু আহানাই বাংকে বিহাৰীৰ মন্দিৰত আশীষ গ্ৰহণ কৰে ৷ মন্দিৰৰ পুৰোহিত অভিলাষ গোস্বামীয়ে দুয়োকে আশীৰ্বাদপ্ৰাপ্ত কাপোৰ আৰু 'প্ৰসাদ' উপহাৰ প্ৰদান কৰে ৷

দুই কন্যাই মথুৰা আৰু বৃন্দাবনৰ বিকাশ আৰু সংৰক্ষণৰ প্ৰচেষ্টাক সলাগ লয় ৷ দুয়োগৰাকী কন্যাই ৰাইজক উদ্দেশ্যি কয়, "চহৰখনৰ এই উন্নয়ন দেখি ভাল লাগিছে ৷ লক্ষণীয় কথাটো হৈছে আপোনালোক সকলোৱে উন্নয়নৰ সমান্তৰালকে বৃন্দাবনৰ ৰাজপথ, ইয়াৰ ঐতিহ্যসমূহৰ যত্ন লোৱাৰ লগতে ভালদৰে সংৰক্ষণ কৰিছে ।"

ঈশাই এইবৰ্ষৰো নিৰ্বাচনত মাতৃয়ে জয়লাভ কৰিব বুলি আত্মবিশ্বাসেৰে কয়, "মথুৰাবাসীৰ সমৰ্থন, ইয়াত বহুতো সমৰ্থক আছে যিসকল মথুৰাৰ বাসিন্দা ৷ তেওঁলোকে বিচাৰে যে মোৰ মা ইয়াতেই থাকক আৰু মা ইয়াৰ পৰাই জয়ী হওক ৷ তেওঁলোকৰ সমৰ্থনৰ বাবেই মোৰ মায়ে এই সকলোবোৰ কৰিবলৈ সক্ষম হৈছে, সেয়েহে, আপোনালোকৰ সমৰ্থন বহুতো মূল্যবান ।"

ঈশা আৰু আহানাই মন্দিৰ দৰ্শনৰ পিচতেই মথুৰাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ লক্ষণীয় যে, হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টীৰ হৈ মথুৰা লোকসভা আসনৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ 2014 চনত, বিজেপিয়ে হেমা মালিনীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । 2019 ৰ নিৰ্বাচনত হেমা মালিনীৰ স্বামী অভিনেতা ধৰ্মেন্দ্ৰই তেওঁৰ হৈ প্ৰচাৰ চলাইছিল ৷

অহা 26 এপ্ৰিলত মথুৰাত লোকসভা নিৰ্বাচনত দ্বিতীয় পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: ছলমানৰ বাসগৃহ গেলেক্সিৰ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেব বুকিং কৰি গ্ৰেপ্তাৰ যুৱক - Salman Khans fan arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.