ছলমানৰ বাসগৃহ গেলেক্সিৰ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেব বুকিং কৰি গ্ৰেপ্তাৰ যুৱক - Salman Khans fan arrested
Salman Khan's fan arrested: ছলমান খানৰ বাসগৃহৰ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেব বুকিং কৰি আৰক্ষীৰ জালত যুৱক ৷ ইয়াৰ পূৰ্বে গুজৰাটৰ কচ্চ আৰক্ষীয়ে ছলমানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰাৰ অভিযোগত আটক কৰিছিল দুই যুৱকক ৷ ইফালে এই গুলীচালনাৰ ঘটনাৰ পাচতেই আৰক্ষীয়ে অভিনেতাগৰাকীৰ ঘৰত তীব্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷

Published : April 20, 2024 at 4:17 PM IST
চিটাৰা ডেস্ক, ২০ এপ্ৰিল: গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ পৰা কেব বুকিং কৰাৰ অভিযোগত এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্তটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰোহিত ত্যাগী বুলি চিনাক্ত কৰা হৈছে । ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ পৰা বান্দ্ৰা থানালৈ অভিযুক্তই লৰেন্স বিষ্ণৈৰ নামত কেবখন বুকিং কৰিছিল ।
বান্দ্ৰা আৰক্ষীয়ে শুকুৰবাৰে কয় যে, ‘কেব চালকে ছলমান খানৰ ঘৰ গেলেক্সি এপাৰ্টমেণ্টত উপস্থিত হৈ তাত থকা চকীদাৰজনক বুকিঙৰ বিষয়ে সোধে ৷ তেতিয়া চকীদাৰজন প্ৰথমে স্তম্ভিত হৈ পৰে আৰু লগে লগে ওচৰৰ বান্দ্ৰা আৰক্ষী থানাক বুকিঙৰ বিষয়ে অৱগত কৰে ।’ ইয়াৰ ভিত্তিত মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে কেব চালকজনক জেৰা কৰি কেবখন অনলাইনত বুকিং কৰা ব্যক্তিজনৰ বিষয়ে তথ্য লাভ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, ‘কেবখন বুকিং কৰা ব্যক্তিজন গাজিয়াবাদৰ ২০ বছৰীয়া ছাত্ৰ বুলি জানিব পৰা গৈছে আৰু তেওঁক ৰোহিত ত্যাগী বুলি চিনাক্ত কৰা হৈছে।’ আৰক্ষীয়ে আৰু কয় যে, তদন্তৰ সময়ত অভিযুক্তই ধেমালি কৰি গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেবখন বুকিং কৰা বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচত তেওঁক মুম্বাইলৈ আনি আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁক দুদিনৰ বাবে বান্দ্ৰা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।
ইয়াৰ পূৰ্বে মঙলবাৰে কচ্চ আৰক্ষীয়ে আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি মুম্বাই ক্ৰাইম ব্ৰাঞ্চক গতাই দিয়ে । আদালতে গুলীচালনাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দুই অভিযুক্তক ২৫ এপ্ৰিললৈকে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰে । বিহাৰৰ বিকি গুপ্তা (২৪) আৰু সাগৰ পাল (২১) নামৰ অভিযুক্ত দুটাক স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয় ।
উল্লেখ্য যে, দেওবাৰৰ পুৱা প্ৰায় ৫ বজাত গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত মটৰ চাইকেলত অহা দুজন লোকে চাৰি জাঁই গুলীচালনা কৰে । চি চি টিভিৰ ফুটেজত ধৰা মতে, দুই অভিযুক্তই টুপী পিন্ধিছিল আৰু বেকপেক লৈ আহিছিল । ক্লিপটোত তেওঁলোকে অভিনেতাজনৰ ঘৰৰ ফালে গুলীচালনা কৰা দেখা গৈছে ।

