ETV Bharat / entertainment

ছলমান খানৰ ঘৰত গুলীচালনা : কেনেকৈ, ক’ৰ পৰা পলায়ন কৰিছিল শ্বুটাৰদ্বয়ে? - Salman Khan House Firing Incident

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:27 PM IST

Salman khan firing case : আৰক্ষীৰ জেৰাত দুই আততায়ীৰ বিস্ফোৰক তথ্য় ৷ ঘটনা সংঘটিত কৰি কেনেদৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল দুই শ্বুটাৰে ৷

salman-khan-firing-case
ছলমান খানৰ ঘৰত গুলীচালনা; কেনেকৈ, ক’ৰ পৰা পলায়ন কৰিছিল শ্বুটাৰদ্বয়ে?

চিটাৰা ডেস্ক, 17 এপ্ৰিল : বলীউডৰ 'ভাইজান' ছলমান খানৰ বাসগৃহৰ বাহিৰত যোৱা 14 এপ্ৰিলত দুই আততায়ীয়ে গুলীচালনা কৰা ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে ৷ শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰিছে মুম্বাই অপৰাধ শাখাই ৷ আৰক্ষীৰ পুংখানুপুংখ অনুসন্ধানৰ পিচত, ভুজ আৰক্ষীয়ে দুই অভিযুক্ত শ্বুটাৰক আটক কৰে আৰু তেওঁলোকক মুম্বাই আৰক্ষীক গতাই দিয়ে ।

দুয়ো শ্বুটাৰ ক্ৰমে বিকি গুপ্তা আৰু সাগৰ পাল বুলি জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ বিহাৰত ৷ ইতিমধ্যে দুয়োকে ২৫ এপ্ৰিললৈকে মুম্বাই আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পিচতে মুম্বাই আৰক্ষীয়ে দুয়ো অভিযুক্তক সোধা-পোচা কৰাত দুই অভিযুক্তই কেনেকৈ তেওঁলোকে ঘটনাটো সংঘটিত কৰাৰ পিচত পলাই গৈছিল আৰু তেওঁলোক ক'ত লুকাই আছিল সেই বিষয়ে জানিবলৈ দিয়ে ।

মুম্বাই আৰক্ষীৰ জিম্মাত থকা শ্বুটাৰদ্বয়ে কয় যে, আক্ৰমণৰ পিচত সিহঁতে মুম্বাইৰ পৰা কচ্ছ (গুজৰাট)লৈ পলাই যাবলৈ কেইবাখনো বাহন সলনি কৰিছিল । অভিযুক্তদ্বয়ে মটৰচাইকেলখন ছলমান খানৰ বাসগৃহৰ পৰা আঁতৰত থৈ প্ৰায় ৮ মিনিট অট’যোগে বান্দ্ৰা ৰে’ল ষ্টেচনত উপস্থিত হৈছিল । ইয়াৰ পিচত, শ্বুটাৰদ্বয়ে বৰিভালি অভিমুখে যোৱা এখন ৰে’লত উঠিছিল আৰু তাৰ পিচত ছাণ্টাক্ৰুজ ৰে’ল ষ্টেচনত নামিছিল ।

তাৰ পিচত দুয়ো ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেলৈ যায়, য'ত সিহঁতে টি-ছাৰ্ট সলনি কৰে। পৰৱৰ্তী সময়ত দুয়ো অভিযুক্তই দহিচাৰৰ ফালে এখন অট’ৰিক্সা লৈ মুম্বাই-গুজৰাট ঘাইপথেৰে এখন ব্যক্তিগত গাড়ীত চুৰাটলৈ ৰাওনা হয় বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে শ্বুটাৰদ্বয়ে ৷

অভিযুক্তদ্বয়ৰ ভাষ্য অনুসৰি আক্ৰমণ কৰা পিষ্টলটো এটা খালত দলিয়াই দিয়া হৈছিল । সিহঁতে চুৰাট ৰে’ল ষ্টেচনলৈ গৈছিল কিন্তু ভুজলৈ যাবলৈ কোনো ৰে’ল বিচাৰি পোৱা নাছিল । তাৰ পিচত শ্বুটাৰদ্বয়ে চুৰাটৰ পৰা এখন ৰাজ্যিক পৰিবহন বাছেৰে আহমেদাবাদলৈ ৰাওনা হৈছিল । তাৰ পৰা সিহঁতে কচ্ছ জিলালৈ আন এখন ৰাজ্যিক পৰিবহন বাছেৰে গৈছিল ৷ সিহঁত ধৰা পৰাৰ পূৰ্বে জনপ্ৰিয় মাতানোমাধ মন্দিৰত লুকাই আছিল ৷

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা: দুই অভিযুক্তক লৈ মুম্বাইলৈ ৰাওনা আৰক্ষী - Salman Khan House Firing Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.