ETV Bharat / entertainment

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা: দুই অভিযুক্তক লৈ মুম্বাইলৈ ৰাওনা আৰক্ষী - Salman Khan House Firing Incident

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:46 AM IST

Updated : Apr 16, 2024, 1:09 PM IST

Salman Khan House Firing Incident
দুই অভিযুক্তক লৈ মুম্বাইলৈ ৰাওনা হৈছে আৰক্ষী

Salman Khan House Firing Incident : ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আগবাঢ়িছে ৷ মুম্বাই অপৰাধ শাখাই ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ইতিমধ্যে মুম্বাই বিমানবন্দৰত আৰক্ষীৰ সৈতে দেখা পোৱা গৈছে দুই অভিযুক্তক ৷

চিটাৰা ডেস্ক, 16 এপ্ৰিল : বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা অভিযুক্তদ্বয়ক গুজৰাটৰ কচ্ছত গ্ৰেপ্তাৰ কৰা হয় ৷ তাৰ পিচতে দীঘলীয়া জেৰাৰ পিচত, ভুজ আৰক্ষীয়ে দুয়ো অভিযুক্তক মুম্বাই আৰক্ষীক গতাই দিছে । অভিযুক্ত দুটা বিকি গুপ্তা আৰু সাগৰ পাল বুলি চিনাক্ত কৰা হৈছে ৷

16 এপ্ৰিলত অভিযুক্তদ্বয়ক কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে মুম্বাইলৈ অনা হৈছে । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই দুয়ো অভিযুক্তক ক'লা কাপোৰেৰে মুখ ঢাকি মুম্বাইলৈ লৈ আহিছে ।

উল্লেখ্য যে, ছলমান খানৰ বান্দ্ৰা ৱেষ্টস্থিত বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাত জড়িত থকাৰ সন্দেহত মুম্বাই অপৰাধ শাখাই দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে । মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভুজত সোমবাৰে নিশা দুয়ো অভিযুক্তক আটক কৰা হয় । দেওবাৰে পুৱা ছলমান খানৰ গ্যালাক্সী এপাৰ্টমেণ্টৰ বাহিৰত দুই আততায়ীয়ে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল ৷

গুলীচালনাৰ পিচত মুম্বাইৰ পৰা পলায়ন কৰা দুয়ো অভিযুক্তক গুজৰাটৰ ভুজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি অপৰাধ শাখাৰ বিষয়াসকলে জানিবলৈ দিয়ে ৷ প্ৰাথমিক অনুসন্ধান অনুসৰি সন্দেহযুক্ত ব্যক্তিদ্বয়ে এখন মটৰ চাইকেলত সেই স্থানত উপস্থিত হৈছিল আৰু তেওঁলোকৰ মুখ হেলমেটৰে ঢাকি আছিল ৷

এই ঘটনাক বহু সতৰ্কতা আৰু পৰিকল্পনাৰে সংঘটিত কৰা হৈছিল ৷ ঘটনাৰ সময়ত শ্বুটাৰদ্বয়ে মুঠ চাৰি জাঁই গুলী নিক্ষেপ কৰিছিল ৷ ঘটনাস্থলীত এটা সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছিল ৷ শেহতীয়া গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাই পূৰ্বতে দুজন লোকক জেৰাৰ বাবে মাতি পঠিয়াইছিল ৷

এই দুৰ্ভাগ্যজনক ঘটনাটোৰ পিচত, ছলমান খান আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ মাজত ফোনত বাৰ্তালাপ হৈছিল । মুম্বাই আৰক্ষী আয়ুক্তৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত সিন্দেই অভিনেতাগৰাকীৰ নিৰাপত্তা বৃদ্ধিৰ পৰামৰ্শ দিছিল । লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰৰ ভাবুকিৰ বাবে ২০২২ চনৰ নৱেম্বৰৰ পৰা ছলমান খানৰ নিৰাপত্তা ৱাই-প্লাছলৈ বৃদ্ধি কৰা হৈছে । অভিনেতাগৰাকীক সুৰক্ষাৰ বাবে এখন নতুন সজ্জিত বাহনো ক্ৰয় কৰোৱাৰ লগতে আৰু ব্যক্তিগত পিষ্টল লগত ৰাখিবলৈ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা ঘটনাৰ আঁৰত আছিল ভয়ংকৰ পৰিকল্পনা ! - SALMAN KHAN HOUSE SHOOTING CASE

Last Updated :Apr 16, 2024, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.