ETV Bharat / entertainment

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা ঘটনাৰ আঁৰত আছিল ভয়ংকৰ পৰিকল্পনা ! - SALMAN KHAN HOUSE SHOOTING CASE

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 3:43 PM IST

Updated : Apr 15, 2024, 4:11 PM IST

Salman Khan: যোৱা ১৪ এপ্ৰিলত মুম্বাইত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ তদন্ত অব্যাহত আছে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব CBI ক হস্তান্তৰ কৰা হৈছে ৷ ইয়াৰ পিচতেই আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ইটোৰ পিচত সিটোকৈ ভয়ংকৰ তথ্য ৷ এই ঘটনা পূৰ্বপৰিকল্পিত আছিল ৷

SALMAN KHAN HOUSE SHOOTING CASE
SALMAN KHAN HOUSE SHOOTING CASE

চিটাৰা ডেস্ক, 15 এপ্ৰিল : 14 এপ্ৰিলৰ পুৱা প্ৰায় পাঁচ বজাত বলীউডৰ অভিনেতা ভাইজানখ্যাত ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত দুই আততায়ীয়ে মটৰ চাইকেলেৰে আহি চাৰি জাঁইকৈ গুলীচালনা কৰে ৷ এই সমগ্ৰ ঘটনা শ্বুটাৰদ্বয়ে হেলমেট পিন্ধি সংঘটিত কৰিছিল ৷ ইয়াৰ পিচতে অনমোল বিষ্ণয়ে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি ফেচবুকযোগে এক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ তাৰ পিচতে আৰক্ষীয়ে চিচি টিভি ফুটেজ নীৰিক্ষণ কৰি এই ঘটনা পূৰ্বপৰিকল্পিত বুলি অভিহিত কৰিছিল ৷ আৰক্ষীয়ে এই প্ৰতিবেদনত দাবী কৰিছে যে দুয়ো শ্বুটাৰ কুখ্যাত লৰেন্স বিষ্ণই দলৰ সদস্য ।

আন্তৰ্জাতিক ষড়যন্ত্ৰ

অভিনেতাল ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰা এই সমগ্ৰ ঘটনা চলচ্চিত্ৰৰ পটৰ দৰে লাগিছে ৷ এই পৰিকল্পনা আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল, য'ত ৰোহিত গোদাৰা নামৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুণ্ডাক লৰেন্স বিষ্ণইৰ ভাতৃ অনমোল বিষ্ণইক শ্বুটাৰ বাচনি কৰাৰ দায়িত্ব দিয়া হৈছিল । পঞ্জাৱী শিল্পী সিদ্ধু মুছেৱালা আৰু ৰাজনীতিবিদ আৰু কৰ্ণী সেনাৰ কমাণ্ডাৰ সুখদেৱ সিং গোগামেদীকে ধৰি একাধিক হাই-প্ৰফাইল হত্যাকাণ্ডৰ গোচৰত জড়িত থকাৰ বাবে লৰেন্স বিষ্ণইক বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ।

ঘটনাৰ পৰৱৰ্তী সময়ত অনমোল বিষ্ণয়ে ঘটনাটোৰ দায়িত্ব লৈ ফেচবুকত অভিনেতাগৰাকীক ভাবুকি প্ৰদান কৰিছিল ৷ আৰক্ষীয়ে পোষ্টটোৰ আই পি ঠিকনা নীৰিক্ষণ কৰি কানাডালৈ ট্ৰেক কৰিছিল । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ফেচবুক পৃষ্ঠাটো বনাবলৈ দলটোৱে ভি পি এন ব্যৱহাৰ কৰিছিল ৷

পুলিচে এটা শ্বুটাৰক চিনাক্ত কৰে

শেহতীয়াকৈ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এটা শ্বুটাৰক বিশাল অথবা কালু নামেৰে চিনাক্ত কৰে ৷ চিচি টিভি ফুটেজ নীৰিক্ষণ কৰি কালুক চিনাক্ত কৰা হৈছিল । গুৰুগ্ৰামৰ ব্যৱসায়ী শচীন মুঞ্জালৰ হত্যাৰ সন্দৰ্ভত বিশালক বিচাৰি থকা হৈছিল । গোদাৰাই মুঞ্জালক হত্যা কৰাৰ কথা স্বীকাৰ কৰিবলৈ এনেদৰে এটা ছ'চিয়েল মিডিয়া পোষ্ট ব্যৱহাৰ কৰা হৈছিল ৷ পূৰ্বপৰিকল্পিত এই হিংসাত্মক ঘটনাৰ সৈতে বিশাল জড়িত থকাৰ ইংগিত বহন কৰিছে আৰক্ষীয়ে ৷

ঘটনাৰ দিনা শ্বুটাৰদ্বয়ক অনুসৰণ কৰা হৈছিল :

বিশাল আৰু আন সন্দেহযুক্ত শ্বুটাৰ দুটাই এই ঘটনা সংঘটিত কৰিবলৈ ৰায়গড়ৰ পৰা এখন ব্যৱহৃত বাইক ক্ৰয় কৰিছিল । তেওঁলোকে সেই বাইকখন পানভেলৰ পৰা মুম্বাইলৈ লৈ গৈছিল । আৰক্ষীয়ে ইতিমধ্যে এখন দুচকীয়া বাহন উদ্ধাৰ কৰিছে যিখন বাইক অভিনেতাজনৰ বাসগৃহৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত ব্যৱহাৰ কৰা হৈছিল ৷ সম্প্ৰতি বাইকখন বিক্ৰী সন্দৰ্ভত আৰক্ষীয়ে লোকসকলক সোধা-পোছা কৰি আছে।

বৰ্তমান এই ঘটনাৰ তদন্তৰ দায়িত্ব অপৰাধ শাখালৈ হস্তান্তৰ কৰা হৈছে ৷ এই ঘটনাৰ তদন্তৰ বাবে মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, হাৰিয়ানা আৰু পঞ্জাৱৰ আৰক্ষীয়ে এক সমন্বিত অভিযান আৰম্ভ কৰিছে । মুম্বাই আৰক্ষী অপৰাধ শাখাৰ উপৰিও, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু মহাৰাষ্ট্ৰ এটিএছেও গোচৰৰ বিৱৰণ বিচাৰিছে ।

এই ঘটনা পোহৰলৈ অহাৰ পিচতে ছলমানৰ ভাতৃ আৰবাজ আৰু চোহেল গ্যালাক্সী এপাৰ্টমেণ্টত উপস্থিত হয় ।

ছলমান খানৰ পিতৃ চেলিম খানে এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ চেলিম খানে কয় যে, চিন্তাৰ কোনো প্ৰয়োজন নাই । তেওঁলোকৰ নিচিনা লোকে কেৱল প্ৰচাৰ বিচাৰে ৷

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহলৈ চাৰি জাঁই গুলী - Fired Outside Salman Khan house

Last Updated :Apr 15, 2024, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.