নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হিউমিনিটি ফাউণ্ডেচন : কোনো কেন্দ্ৰই মানি চলা নাই চৰকাৰী এছ অ’ পি - SOP to Regulate Rehab Centre
Humanity Foundation Tinsukia: নিচামুক্তি কেন্দ্ৰসমূহে মানি নচলে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম ৷ নিচামুক্তি কেন্দ্ৰত ৰখাৰ বাবদ দিবলগীয়া হয় ৬০ হাজাৰ টকাৰ পৰ্যন্ত ৷ উত্থাপিত হৈছে এনে বহু অভিযোগ ৷

Published : May 23, 2024 at 9:48 PM IST
তিনিচুকীয়া, ২৩ মে’ : নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে হিউমিনিটী ফাউণ্ডেশ্যন নামৰ এক স্বেচ্ছাসেৱী সংগঠন ৷ বৃহস্পতিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবত ফাউণ্ডেশ্যনটোৰ প্ৰতিষ্ঠাপক মহেন্দ্ৰ বৰুৱাই এক সংবাদমেল সম্বোধন কৰি কেতবোৰ অভিযোগ উত্থাপন কৰে ৷
সম্প্ৰতি নিচামুক্তি কেন্দ্ৰসমূহে ২০২১ চনৰ মধ্যভাগত ৰাজ্য চৰকাৰে নিচামুক্তি কেন্দ্ৰ পৰিচালনা কৰা আৰু স্থাপন কৰাৰ ক্ষেত্ৰত যি এছ অ’ পি (SOP) জাৰি কৰি বলবৎ কৰিবলৈ নিৰ্দেশনা দিছিল সেইখনৰ এটা দফাও আজিলৈকে কোনো এটা কেন্দ্ৰই পালন নকৰা বুলি দাবী উত্থাপন কৰে মহেন্দ্ৰ বৰুৱাই ৷ তদুপৰি তিনিচুকীয়া জিলাত ২০২২ বৰ্ষতেই ড্ৰাগছ আসক্ত লোকৰ এইচ আই ভি সংক্ৰমিত হোৱা ১৫ টা হটস্পটৰ তথ্যও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ হাতত যৌন নিৰ্যাতনৰ বলি কিশোৰী
এই হটস্পটসমূহৰ ভিতৰত আছে পানীতোলা, হিজুগুৰি, শ্ৰীপুৰীয়া, বাৰেকুৰি, বালুগডা, বৰগুৰি, মাকুম, চপাখোৱা(শদিয়া), ডিগবৈ, মাৰ্ঘেৰিটা, জাগুন আৰু বৰডুমচা আদি অঞ্চল । ইয়াৰে মাত্ৰ সাতটা হটস্পট এলেকাত চৰকাৰৰ সংশ্লিষ্ট বিভাগে কিছু যাৱতীয় কামকাজ কৰিছে যদিও আজিলৈকে বাকী থকা আঠটা স্থানলৈ সজাগতা সৃষ্টিৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে সংবাদমেলখনৰ জৰিয়তে ৷ স্বেচ্ছাসেৱী সংস্থাটোৰ মহেন্দ্ৰ বৰুৱাই অভিযোগ কৰে যে চৰকাৰে নিচামুক্তি কেন্দ্ৰক আজিলৈকে এছ অ’ পি মানিবলৈ বাধ্য কৰোৱাব পৰা নাই ৷ একো একোজন নিচাসক্ত লোকক পৰিয়ালে কেন্দ্ৰত ৰখাৰ বিনিময়ত মাহে ৬০ হাজাৰ পৰ্যন্ত দিয়াৰ তথ্য থকা বুলিও কয় মহেন্দ্ৰ বৰুৱাই ৷
লগতে পঢ়ক: এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ
তেওঁ কয় যে বৰ্তমান তিনিচুকীয়া জিলাত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধিয়ে সকলোকে চিন্তিত কৰি তুলিছে ৷ ব্যাপক হাৰত ড্ৰাগছৰ প্ৰতি উঠি অহা যুৱচামৰ আসক্তি বৃদ্ধি পোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ কৰে মহেন্দ্ৰ বৰুৱাই ৷
যুৱ চামৰ মাজত নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাবলৈ ধৰাৰ আঁৰত কোনো নেতা, পালিনেতা জড়িত আছে নেকি বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে ৷ যাৰ বাবে চৰকাৰৰ এছ অ’ পি নিচামুক্তি কেন্দ্ৰই মানিবলৈ নিবিচাৰে ৷ সময় থাকোতেই ভৱিষ্যতৰ প্ৰজন্মৰ ভাল চিন্তা কৰি চৰকাৰে নিচামুক্তি কেন্দ্ৰসমূহক শীঘ্ৰে এছ অ’ পি মানিবলৈ বাধ্য কৰাবলৈ দাবী জনাই সংস্থাটোৱে ৷
লগতে পঢ়ক: নাজিৰা নিচামুক্তি কেন্দ্ৰত অত্যাচাৰৰ অভিযোগ, চিকিৎসালয়ত মৃত্য়ু ভুক্তভোগী যুৱকৰ

