ETV Bharat / state

নাজিৰা নিচামুক্তি কেন্দ্ৰত অত্যাচাৰৰ অভিযোগ, চিকিৎসালয়ত মৃত্য়ু ভুক্তভোগী যুৱকৰ - Nazira Rehab Center

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:30 PM IST

Allegation against Nazira Rehab
নাজিৰা নিচামুক্তি কেন্দ্ৰ (ETV BHARAT ASSAM)

Allegation against Nazira Rehab center: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷

নাজিৰা নিচামুক্তি কেন্দ্ৰ (ETV BHARAT ASSAM)

যোৰহাট, ৬ মে': ৰাজ্য চৰকাৰৰ কঠোৰ নিদেৰ্শকো কেৰেপ নকৰি ৰাজ্যৰ অলিয়ে-গলিয়ে গঢ়ি উঠিছে নিচামুক্তি কেন্দ্ৰ । কিন্তু এই নিচামুক্তি কেন্দ্ৰ সমূহ কিমান ফলপ্ৰসূ সেয়া বিভিন্ন সময়ত সংঘটিত হৈ থকা ঘটনা সমূহে প্ৰমাণ কৰিছে । ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱাৰ সমতেই এইবাৰ নাজিৰাৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ এই নিচামুক্তি কেন্দ্ৰটোত অসুস্থ হৈ এজন যুৱকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্য়ু হোৱাৰ পিচতেই উত্থাপিত হৈছে এই অভিযোগ ।

মৃত যুৱকজনৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ এটা নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ থকা যোৰহাট মৰিয়নীৰ ভেলাগুৰিৰ বাবুল ৰাণা (২৮) নামৰ যুৱকজনে কৰুণভাৱে মৃত্যুক আকোঁৱালি ল'ব লগা হয় । যোৱা ৪ মে'ত যুৱকজন নাজিৰা নিচামুক্তি কেন্দ্ৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত যুৱকজনক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিচত উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনে যদিও তাত উপস্থিত হোৱাৰ কিছুসময় পাছতে যুৱকজনে শেষ নিশ্বাস ত্য়াগ কৰে ।

নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে যুৱকজন নিচামুক্তি কেন্দ্ৰত অসুস্থ হৈ থকাৰ পিছতো পৰিয়ালৰ লোকক কৰ্তৃপক্ষই কোনো কথা অৱগত নকৰিলে । ইয়াৰ পৰিৱৰ্তে যুৱকজনক মাৰপিটহে কৰে বুলি অভিযোগ উত্থাপন কৰে । নিচামুক্তি কেন্দ্ৰ যিখিন মৌলিক সা-সুবিধা পাব লাগে সেইখিনি পৰাও বঞ্চিত কৰা অভিযোগ উথাপন কৰে ।

আনহাতে, যিসকল যুৱক নাজিৰা নিচামুক্তি কেন্দ্ৰত আছে তেওঁলোকক মাৰধৰ কৰাৰ লগতে খোৱা -বোৱাৰ পৰাও বঞ্চিত কৰি অহা অভিযোগ উত্থাপিত হৈছে । সেয়েহে এনেধৰণৰ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক: Guwahati Rehab Center: কাহিলিপাৰাৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগ পৰিয়ালৰ

এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.