ETV Bharat / bharat

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড; বেংগালুৰুত জৰুৰী অৱতৰণ - AIX flight catches fire

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 12:08 PM IST

AIX flight catches fire : ১৭৯ গৰাকী যাত্ৰী আৰু ৬ গৰাকী ক্ৰুক লৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানে কোচি অভিমুখে উৰা মাৰিছিল । উৰণৰ কেইমিনিটমানৰ ভিতৰতে বিমানখনৰ ইঞ্জিনত জুই লাগিছিল । লগে লগে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয় ।

Air India flight catches fire
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড (ANI)

নেশ্যনেল ডেস্ক, ১৯ মে' : এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানত অগ্নিকাণ্ড । বেংগালুৰুৰ পৰা কোচিলৈ যাত্ৰা কৰি আছিল বিমানখন । ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে বেংগালুৰুত বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয় । বেংগালুৰু আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰিছে ।

ইফালে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিত কয় যে বিমানখনৰ অৱতৰণৰ পিচতে সকলো যাত্ৰী আৰু কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে আৰু এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । সূত্ৰৰ মতে উৰণৰ কেইমিনিটমান পিচতে বিমানৰ কৰ্মচাৰীসকলে ইঞ্জিনত জুই প্ৰত্যক্ষ কৰে ।

লগে লগে বিমানখনৰ কৰ্মচাৰীসকলে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰক সতৰ্ক কৰি দিয়ে আৰু জৰুৰী অৱস্থা ঘোষণা কৰা হয় । ইয়াৰ পিচত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয় । অৱতৰণৰ পিচতে বিমানবন্দৰৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ইঞ্জিনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

বিবৃতি অনুসৰি ১৮ মে'ত বেংগালুৰুৰ পৰা কোচিলৈ যোৱা IX 1132 নম্বৰৰ বিমানখনে বিএলআৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে । অৱতৰণৰ পাচতে জুই তৎক্ষণাৎ নিৰ্বাপিত কৰা হয় । বেংগালুৰু আন্তৰ্জাতিক বিমানবন্দৰ লিমিটেডৰ (বিআইএএল) মুখপাত্ৰই কোৱা মতে বিমানখনৰ পৰা ১৭৯ গৰাকী যাত্ৰী আৰু ৬ গৰাকী ক্ৰুক সফলতাৰে উদ্ধাৰ কৰা হৈছে ।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মতে উৰণৰ পিচত সোঁ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছিল । কৰ্মচাৰীসকলে কোনো যাত্ৰীকে আঘাত নোহোৱাকৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছিল । এনে পৰিস্থিতিত হোৱা অসুবিধাৰ বাবে এয়াৰ ইণ্ডিয়াই ক্ষমা বিচাৰে আৰু যাত্ৰীসকলক যিমান সম্ভৱ সোনকালে তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত বিভাগীয় তদন্তৰো ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক :দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire In Air India Flight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.