ETV Bharat / sports

ৰিয়ানৰ প্ৰদৰ্শনক লৈ উৎসাহী কুমাৰ ছাংগাক্কাৰা - IPL 2024

IPL 2024: খেলৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি ৰিয়ান পৰাগক প্ৰশংসা কৰে ৰাজস্থানৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাক্কাৰাই । তেওঁৰ ফৰ্ম বৰ্তি থকাটো বিচাৰিছে ছাংগাক্কাৰাই । আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ অন্তিমখন লীগ মেচত মুখামুখি হ'ব ।

IPL 2024
ৰিয়ানৰ প্ৰদৰ্শনক লৈ উৎসাহী কুমাৰ ছাংগাক্কাৰা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : May 19, 2024 at 10:28 AM IST

3 Min Read
Choose ETV Bharat
ৰিয়ানৰ প্ৰদৰ্শনক লৈ উৎসাহী কুমাৰ ছাংগাক্কাৰা (ETV Bharat Assam)

স্পৰ্টছ ডেস্ক, ১৯ মে' : গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে চলিত আইপিএল ছিজনৰ অন্তিমখন লীগ মেচ অনুষ্ঠিত হ'ব । ইতিমধ্যে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা ৰাজস্থান আৰু কলকাতাৰ মাজত হ'ব এই মেচখন । সঞ্জু চেমছন বাহিনীয়ে শীৰ্ষ-২ত থাকিবলৈ এই খেলখনত জয়ী হোৱাটো প্ৰয়োজন ।

খেলৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি অসমৰ খেলুৱৈ ৰিয়ান পৰাগৰ প্ৰদৰ্শনক প্ৰশংসা কৰিলে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাক্কাৰাই । ছাংগাক্কাৰাৰ মতে ৰিয়ান পৰাগে এইটো ছিজনত আকৰ্ষণীয় ইনিংছ খেলিছে । পৰাগে কঠোৰ পৰিশ্ৰম কৰিছে আৰু সেয়া তেওঁৰ খেলত স্পষ্ট হৈছে বুলি উল্লেখ কৰে ছাংগাক্কাৰাই । ইফালে বাকী থকা খেলবোৰতো ৰিয়ান পৰাগৰ পৰা একেধৰণৰ ইনিংছ আশা কৰিছে ৰাজস্থানৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ।

ইফালে ৰিয়ানে এই ছিজনত কিয় বলিং কৰা নাই সেই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ছাংগাক্কাৰাই কয় যে দলটোত বহু কেইগৰাকী বলাৰ আছে । যাৰ বাবে ৰিয়ানে বলিং কৰাৰ প্ৰয়োজন হোৱা নাই । যিহেতু গুৱাহাটীত যোৱা দুদিন ধৰি পাতলীয়া বৰষুণ হৈ আছে সেয়ে ছাংগাক্কাৰাই আশা কৰিছে যে বৰষুণে যাতে খেলখনত বিধি-পথালি নিদিয়ে ।

ইফালে ৰাজস্থান ৰয়েলছৰ বাবে এক বেয়া খবৰটো হ'ল যে দলটোৰ অপেনাৰ বেটছমেন জছ বাটলাৰ স্বদেশলৈ উভতি গৈছে । একে সময়তে দলটোৰ বাবে সকাহৰ খবৰটো হ'ল যে দলটোৰ বেটছমেন ধ্ৰুৱ জুৰেল আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈছে । এতিয়া তেওঁ খেলপথাৰলৈ উভতি আহিবলৈ সাজু হৈছে । ধ্ৰুৱ জুৰেলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল ।

প্লে অফৰ চাৰিটা দল নিশ্চিত হোৱা স্বত্বেও, লীগ পৰ্যায়ৰ খেলসমূহৰ এই অন্তিম খেলখন অতি বিশেষ । কিয়নো এতিয়াও দ্বিতীয় স্থানৰ বাবে প্ৰতিযোগিতা অব্যাহত আছে । এই সুযোগ ৰাজস্থান ৰয়েলছে সহজে হেৰুৱাব নিবিচাৰে । যদি ৰাজস্থান ৰয়েলছ দেওবাৰ অৰ্থাৎ আজিৰ মেচখনত পৰাজিত হয় তেন্তে দলটোৱে এলিমিনেটৰ মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব লাগিব । যিটো দলে শনিবাৰে এক ৰোমাঞ্চকৰ মেচত চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰিছিল । যদি ৰাজস্থানে এই খেলখনত জয়ী হয় তেন্তে তেওঁলোকে ফাইনেললৈ যোৱাৰ দুবাৰ সুযোগ পাব ।

পৰিসংখ্যাই কয় যে যদি কেকেআৰৰ দলটোৱে জয়ী হ'ব বিচাৰে তেন্তে সুনীল নাৰিনৰ বলিং অতি গুৰুত্বপূৰ্ণ হ'ব আৰু যদি ৰাজস্থানে জয়ী হ'ব বিচাৰে তেন্তে যুজবেন্দ্ৰ চাহাল বা অশ্বিনে উইকেট লোৱাটো অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :প্রিয় খেলুৱৈৰে সৈতে ছেলফী ল’বলৈ বর্ষাপাৰাত অনুৰাগীৰ ভিৰ - IPL MATCH IN GUWAHATI