ETV Bharat / sports

প্রিয় খেলুৱৈৰে সৈতে ছেলফী ল’বলৈ বর্ষাপাৰাত অনুৰাগীৰ ভিৰ - IPL MATCH IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:59 PM IST

Barsapara Cricket Stadium: বৰ্ষাপাৰাত প্ৰিয় খেলুৱৈজনক ওচৰৰ পৰা চাবলৈ, এখন ছেলফী ল’বলৈ বৰ্ষাপাৰাত ভিৰ কৰে অনুৰাগীয়ে ৷ খেলুৱৈসকলেও অনুৰাগীক নিৰাশ নকৰি প্ৰদান কৰিলে অটো’গ্ৰাফ, ল’লে ছেলফী ৷

Barsapara Cricket Stadium
বৰ্ষাপাৰাত ভিৰ কৰে অনুৰাগীয়ে (ETV BHARAT ASSAM)

বর্ষাপৰাত অনুৰাগীৰ ভিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 18 মে’: দেওবাৰে বর্ষাপাৰাত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত চলিত আই পি এলৰ অন্তিমখন লীগ মেচ ৷ ইতিমধ্যে দুয়োটা দলেই প্লে’ অফত প্ৰৱেশ কৰিছে ৷ দেওবাৰে বৰ্ষাপাৰাত সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ ৷ দেওবাৰৰ খেলৰ পূৰ্বে আজি অনুশীলনৰ বাবে দুয়োটা দল বৰ্ষাপাৰাত উপস্থিত হয় ৷ দল দুটাৰ খেলুৱৈ সকল বৰ্ষাপাৰাত উপস্থিত হোৱাৰ লগে লগে দেখা গ’ল অনুৰাগীৰ ব্যাপক উছাহ ৷ প্ৰিয় খেলুৱৈজনক ওচৰৰ পৰা চাবলৈ, এখন ছেলফী ল’বলৈ বৰ্ষাপাৰাত ভিৰ কৰে অনুৰাগীয়ে ৷

অনুশীলনৰ বাবে বৰ্ষাপাৰাত দল দুটাৰ খেলুৱৈসকল উপস্থিত হোৱাৰ লগে লগে প্ৰিয় খেলুৱৈজনৰ সৈতে অনুৰাগী সকলে ছেলফী লোৱাৰ লগতে অটোগ্ৰাফ লোৱা পৰিলক্ষিত হয় ৷ প্ৰিয় খেলুৱৈগৰাকীৰ সৈতে ছেলফী ল’বলৈ পাই উৎফুল্লিত হৈ পৰে অনুৰাগী ৷ খেলুৱৈসকলেও অনুৰাগীক নিৰাশ নকৰি প্ৰদান কৰিলে অটো’গ্ৰাফ, ল’লে ছেলফী ৷

উল্লেখ্য যে, চলিত সংস্কৰণৰ আই পি এলৰ অন্তিমখন মেচত অংশগ্ৰহণৰ বাবে 13 মে’ৰ পৰাই গুৱাহাটীত বাহৰ পাতি আছে ৰাজস্থান ৰয়েলছ ৷ অৱশ্য 15 মে’ত পঞ্জাৱ কিংছৰ বিৰুদ্ধে বৰ্ষাপাৰাত অনুষ্ঠিত হৈ যোৱা মেচখনত পৰাজয় হয় দলটোৰ ৷ দেওবাৰে চলিত ছিজনৰ আই পি এলৰ অন্তিমখন মেচত কলকাতাৰ বিৰুদ্ধে জয়লাভৰ আশাৰে ফিল্ডত নামিব দলটো ৷ ইফালে কলকাতা নাইট ৰাইডাৰ্ছ দলো অন্তিমখন খেলত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছে ৷

আনহাতে অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰিয়ান পৰাগকলৈ আশাবাদী অনুৰাগী ৷ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত উন্নত প্ৰদৰ্শনৰ পিচত দেওবাৰেও ৰিয়ানে ৰাজস্থান ৰয়েলছৰ হৈ শক্তিশালী প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী অনুৰাগীসকল ৷

লগতে পঢ়ক : আগন্তুক আইপিএল মেচৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা - IPL Match In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.